Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অইলৰ বিৰোধে ক্ষোভ দল-সংগঠনৰ 

অইলৰ বিৰোধে ক্ষোভ দল-সংগঠনৰ 

 

 

চাবুৱাঃ১৮ জুনঃ অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা যােৱা ইংৰাজী ১৩ ছেপ্তেম্বৰ ২০১৭ তাৰিখে বিভিন্ন বাতৰি কাকতৰ যােগেদি কনিষ্ঠ সহায়ক কম্পিউটাৰ ৮০ টা পদৰ বাবে বিজ্ঞাপন, ১৮ অক্টোবৰ ২০১৭ তাৰিখে ৩৯৪ টা

কাৰিকৰী পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা পাছত হাজাৰ হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে আবেদন কৰিছিল যদিও

১৯,২০ মাহ উকলি মােৱা পাছতাে আজিলৈকে অইলে লিখিত পৰীক্ষা অনুষ্ঠিত নকৰাত তীব্র প্রতিক্রিয়া

প্রকাশ কৰিছে ডিব্ৰুগড় জিলাৰ ১০ টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে। ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা গােৰ্খা ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থা,ডিব্ৰুগড় জিলা মটক ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ডিব্ৰুগড় জিলা সােণােৱাল কছাৰী ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা অনুসূচীত জাতি ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদ, ডিব্ৰুগড় জিলা কৈৱৰ্ত্ত যুৱ-ছাত্ৰ সন্মিলন আৰু ডিব্ৰুগড় জিলা কোচ-ৰাজবংশী সংগ্রামী সমিতিৰ নেতৃত্বই এক প্ৰেছ বিবৃতি যােগে জানিবলৈ দিছে যে, অইল ইণ্ডিয়া লিমিটেডে কণিষ্ঠ সহায়ক পদ আৰু কাৰিকৰী পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰি নিবনুৱা প্ৰাৰ্থীৰ পৰা

হাজাৰ হাজাৰ আবেদন লৈ মাহ বছৰ সময় পাৰ হােৱাৰ পাছতো লিখিত পৰীক্ষা অনুষ্ঠিত নকৰি নিবনুৱা

প্রার্থীসকলৰ আবেগ অনুভুতি তথা ভৱিষ্যতৰ লগত হেতালি খেলাৰ কাৰ্যক উল্লেখিত সংগঠন কেইটাই কেতিয়াও

মানি লব নােৱাৰে। গতিকে অহা দুই মাহৰ ভিতৰত অইলক কনিষ্ঠ সহায়ক আৰু কাৰিকৰী পদৰ বাবে লিখিত পৰীক্ষা

অনুষ্ঠিত কৰিবলৈ সংগঠনকেইটাই দাবী জনাইছে অন্যথাই অইলৰ সমূহ খনন, উৎপাদন, কার্যালয় অনির্দিষ্ট কাললৈ বন্ধ কৰিবলৈ বাধ্য হব বুলি বিবৃতি যােগে জানিবলৈ দিছে ।

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *