Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অইল ইণ্ডিয়াৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ ডিব্ৰুগড় জিলাৰ ১০ টা জাতীয় সংগঠনৰ

অইল ইণ্ডিয়াৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ ডিব্ৰুগড় জিলাৰ ১০ টা জাতীয় সংগঠনৰ

খোৱাং, ১৮ জুনঃ অইল ইণ্ডিয়াৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ ১০ টা জাতি-জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে । এক যৌথ প্ৰেছ বিবৃতিৰ জৰিয়তে ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অনুসূচীত জাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, কোঁচ ৰাজবংশী সংগ্ৰাম সমিতি, কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বই উল্লেখ কৰে যে অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা যোৱা ২০১৭ চনৰ ১৩ চেপ্তেম্বৰত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে কণিষ্ঠ সহায়ক কম্পিউটাৰ ৮০ টা পদৰ বাবে বিজ্ঞাপন আৰু একেটা বৰ্ষৰে ১৮ অক্টোবৰত ৩৯৪ টা কাৰিকৰী পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছত হাজাৰ হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে আবেদন কৰিছিল যদিও প্ৰায় ২০ মাহ উকলি যোৱাৰ পাছতো আজিলৈকে অইলে লিখিত পৰীক্ষা অনুষ্ঠিত নকৰিলে । নিবনুৱা প্ৰাৰ্থীসকলৰ আৱেগ অনুভূতি তথা ভৱিষ্যতৰ লগত হেতালি খেলাৰ কাৰ্যক উল্লেখিত সংগঠন কেইটাই কেতিয়াও মানি নলয় । অহা দুমাহৰ ভিতৰত অইলে উক্ত পদসমূহৰ লিখিত পৰীক্ষা অনুষ্ঠিত নকৰিলে অইলৰ সমূহ খনন, উৎপাদন, কাৰ্যালয় অনিদিষ্ট কাললৈ বন্ধ কৰিদিবলৈ বাধ্য হ’ব বুলি বিবৃতিত উল্লেখ কৰিছে ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *