Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অগৰু খেতিৰ ক্ষেত্ৰত উদ্যোগ নীতিৰ বাবে অসম চৰকাৰক ধন্যবাদ আছিয়ান- ইণ্ডিয়া বিজিনেছ কাউন্সিলৰ

অগৰু খেতিৰ ক্ষেত্ৰত উদ্যোগ নীতিৰ বাবে অসম চৰকাৰক ধন্যবাদ আছিয়ান- ইণ্ডিয়া বিজিনেছ কাউন্সিলৰ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২৪ জুলাই।।।। আছিয়ান-ইণ্ডিয়া বিজিনেছ কাউন্সিলৰ এল-পিডিআৰ শাখাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু তেঁওৰ কেবিনেটক ধন্যবাদ জ্ঞাপন কৰে ‘অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি,(২০১৯)’ত অনুমোদন জনোৱা ঐতিহাসিক সিদ্ধান্তৰ বাবে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি আছিয়ান-ইণ্ডিয়া বিজিনেছ কাউন্সিলৰ এল এঅ’- পিডিআৰ শাখাৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে কয়”- এই প্ৰকল্পৰ পৰা লাভ কৰা ৰাজহে অসমৰ জনতাই তেওঁলোকৰ জীৱন শৈলী উন্নত কৰিব”। তেওঁ লগতে কয়”-অসম কেবিনেটে ২২ জুলাইত অগৰু প্ৰক্রিয়াকৰণৰ ক্ষেত্রত ঘৰুৱা অগৰু খেতিৰ বাবে যি, ৩৫ বিঘা পৰ্যন্ত কৃষিভূমি হ’ব পাৰে। এই সিদ্ধান্তই বিশেষকৈ অসমৰ শিৱসাগৰ, যোৰহাট, আৰু হোজাই জিলাৰ লগতে সমীপৱৰ্তী জিলাসমূহৰ কৃষকক লাভাম্বিত কৰিব”। তদুপৰি অধ্যক্ষ গৰাকীয়ে যোৱাবছৰ ছিংগাপুৰত অনুষ্ঠিত হোৱা আছিয়ান-ইণ্ডিয়া প্ৰবাসী ভাৰতীয় দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু অন্যান্য মন্ত্ৰীসকলৰ সমান্তৰালভাৱে উচ্চপদস্থ বিষয়াসকলৰ সৈতে হোৱা তেওঁৰ এক আলোচনাত এই বিষয়টো উত্থাপন কৰিছিল আৰু সঠিক নীতিয়ে এই ব্যৱসায়ৰ পৰা অসমে আয় কৰাৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰিব সেই সম্পৰ্কে আলোচনা হয়। উল্লেখযোগ্য যে,বিগত বৰ্ষত অনুষ্ঠিত এডভান্টেজ আছাম: আন্তৰ্জাতিক বিনিয়োগকাৰীৰ সন্মিলনত অধ্যক্ষগৰাকীয়ে অসম চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তি সম্পাদনা কৰিছিল অসমত অগৰু উদ্যোগৰ উন্নীতকৰণৰ বাবে যাতে,ইয়াৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে ইয়াৰ ব্যৱসায়ৰ জৰিয়তে আৰ্থিক দিশত লাভম্বিত হ’ব পাৰে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *