Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অচিৰেই গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিল বেদখল মুক্ত হ’ব- গোৱালপাৰাত মুখ্যমন্ত্ৰী

অচিৰেই গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিল বেদখল মুক্ত হ’ব- গোৱালপাৰাত মুখ্যমন্ত্ৰী

অচিৰেই গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিল বেদখল মুক্ত হ’ব- গোৱালপাৰাত মুখ্যমন্ত্ৰী সোনোৱালৰ ঘোষণা ** উদ্বোধন কৰিলে কেবাটাও নতুন আঁচনিৰ কাম

——-

বৰ্তমানৰ যুগ হৈছে ইনফৰমেচন টেকনলজিৰ যুগ ৷ সেয়ে আমাৰ প্ৰশাসন ব্যৱস্থাও হৈ উঠিব লাগিব অত্যাধুনিক ৷ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো শুভ উদ্বোধন কৰি আজি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই উপলক্ষে আজি দুপৰীয়া আৰক্ষী থানা খনৰ চৌহদত আয়োজিত সভাখনত মুখ্যমন্ত্ৰীয়ে লগতে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাৰে শাসন ব্যৱস্থা পৰিচালনাত বিশ্বাসী ৷ তেঁৱৰ মতে শাসন ব্যৱস্থাৰ মুল লক্ষ্য হ’ব লাগে জনসাধাৰণক নিৰাপত্তা দিয়া,জনসাধাৰলক সকাহ দিয়া,জনসাধাৰণক মৰ্যদা সহকাৰে ন্যায় প্ৰদান কৰা ৷ গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰপদৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় প্ৰায় ডেৰ হেজাৰ বিঘা মাটি কালিৰ উৰপদৰ ভূমি বেদখল হোৱাটো সঁচাই পৰিতাপৰ কথা ৷ এই বিল বেদখল মুক্ত কৰিবলৈ বদ্ধ পৰিকৰ বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে জিলা আৰক্ষী প্ৰশাসনে আজি আগিয়া আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানতে জিলাখনৰ চাৰি গৰাকী কৃতিমান ব্যক্তিক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনায় ৷ তেওঁ লোক হৈছে ডাইনী প্ৰথাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা ড° বিৰু বালা ৰাভা, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃতি শিক্ষক পৰমেশ্বৰ দাস, বিশিষ্ট নাট্য কৰ্মী ৰয়ন্তী ৰাভা আৰু প্ৰতিষ্ঠিত আদৰ্শ খেতিয়ক উপেন ৰাভা ৷ প্ৰণিধানযোগ্য যে গোৱালপাৰা জিলাত অচিৰে ৰূপায়ণ কৰিবলৈ থিৰাং কৰা বহুতো জন কল্যাণমূলক আঁচনিৰ সমূহীয়া আধাৰশিলা স্থাপন আৰু কেতবোৰ সম্পন্ন হোৱা আঁচনিৰ শুভ
উদ্বোধন কৰাৰ উদ্দেশ্যৰে দিনৰ ১ বজাত জিলা খনত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে আগিয়া আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰে ৷ ইয়াৰ পিছত তেওঁ উপস্থিত হয় বুধিপাৰা অংগণবাদী কেন্দ্ৰত ৷ নৱনিৰ্মিত মডেল অংগণবাদী কেন্দ্ৰটো শুভ উদ্বোধন কৰাৰ পিছত তেখেত বলদমাৰী হাইস্কুললৈ যায় ৷ হাইস্কুল খনত স্মাৰ্ট শ্ৰেণী কোঠা উদ্বোধন কৰি অৱশেষত দিনৰ প্ৰায় ৩:৩০ বজাত তেওঁ গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে ৷ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই আদৰণি ভাষণ পাঠ কৰা এই সভাতে মুখ্যমন্ত্ৰীয়ে বিশেষ ভাৱেে সক্ষম ১৭ গৰাকী ব্যক্তিক চিলাই মেচিন,কেবাজনো কৃষকৰ মাজত পাৱাৰটিলাৰ আৰু অংগনবাদী কৰ্মী সকলৰ মাজত স্মাৰ্ট ফোন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *