Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অতি কম দিনৰ ভিতৰতে অসম এখন ইছলামিক ৰাষ্ট্ৰ হ’ব– বলেন বৈশ্য

অতি কম দিনৰ ভিতৰতে অসম এখন ইছলামিক ৰাষ্ট্ৰ হ’ব– বলেন বৈশ্য

হিন্দু যুৱ- ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশন সম্পন্ন

অতি কম দিনৰ ভিতৰতে অসম এখন ইছলামিক ৰাষ্ট্ৰ হ’ব– বলেন বৈশ্য

বঙাইগাঁওঃ১৬ ছেপ্টেম্বৰঃ অতি কম দিনৰ ভিতৰতে অসম এখন ইছলামিক ৰাষ্ট্ৰ হৈ পৰিব ৷ এই মন্তব্য হিন্দু যুৱ- ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যৰ ৷ দেওবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা সমূহীয়া ভৱনত অনুষ্ঠিত হিন্দু যুৱ- ছাত্ৰ পৰিষদ অসমৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকি কেন্দ্ৰীয় সভাপতিগৰাকীয়ে এই মন্তব্য কৰে ৷ নিজৰ ভাষণত সভাপতি বৈশ্যই লগতে কয় যে ১৯০৬ চনতে ভাৰতৰ মুছলমানসকলে ভাৰতক খণ্ডিত কৰি মুছলমানৰ বাবে এখন পৃথক ৰাষ্ট্ৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল ৷ ভাৰতৰ হিন্দু লোকসকলে ভাৰতৰ পৰা বৃটিছক বাহিৰ কৰাৰ আন্দোলন চলাই যোৱাৰ সমান্তৰালকৈ মুছলমানসকলে ভাৰতৰ পৰা পৃথককৈ এখন মুছলমানৰ বাবে দেশ গঠন কৰাৰ ষড়যন্ত্ৰ চলাই গৈছিল ৷ যাৰ ফলত ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ এদিন পূৰ্বেই মুছলমানকলৈ পাকিস্তান আৰু পূব পাকিস্তান নামে দুখন ইছলামিক দেশ জন্ম দিলে ৷ সেই সময়তে অসমখনক পূব পাকিস্তান অৰ্থাৎ আজিৰ বাংলাদেশত চামিল কৰা হৈছিল যদিও অসমৰ গোপীনাথ বৰদলৈ আৰু ৰাষ্ট্ৰীয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসু , চৰ্দাৰ বল্লভ ভাই পেটেল আদি ব্যক্তিৰ প্ৰচেষ্টাত অসম বাচি গৈছে যদিও অসমৰ শ্ৰীহট্ট ( চিলেট) নামৰ জিলাখন অন্যায় ভাৱে বাংলাদেশৰ লগত চামিল কৰি ললে ৷ বৰ্তমানেও অতি সংগোপনে মুছলমান জনসংখ্যা বৃদ্ধিৰে অসমক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰাৰ প্ৰয়াস কৰি আছে বুলিও পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই নিজৰ ভাষণত কয় ৷ লগতে অসমক ইছলামিক ৰাষ্ট্ৰ কৰাৰ বাবেই ইতিমধ্যে মুছলমান সমাজে এন আৰ চি ৰ গইণালৈ ৰাষ্ট্ৰ সংঘৰ কাষ ছপা বুলিও বৈশ্যই মন্তব্য কৰে ৷ চীন আৰু খ্ৰীষ্টানৰ আগ্ৰাসনৰ ওপৰতো বক্তব্য ৰাখি সভাপতি বৈশ্যই এইক্ষেত্ৰত উদাসীন আৰু মৌনতা অৱলম্বন কৰা অসমৰ দল -সংগঠনসমূহকো তীব্ৰ সমালোচনা কৰে ৷ আনকি অখিল গগৈ,হীৰেণ গোঁহাই আদিৰ দৰে নেতা আৰু বুদ্বিজীৱিয়ে চীনৰ হৈ দালালি কৰা বুলি ভাষণ প্ৰসংগত কটাক্ষ কৰে ৷ মুকলি সভাত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ গোঁহাই, সাংগঠনিক সম্পাদক বসন্ত দাস,বিপিন দৈমাৰী প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে সোণেশ্বৰ ৰায়ক সভাপতি আৰু ডালিম কুমাৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া বঙাইগাঁও জিলা সমিতিখন গঠন কৰা হয় বুলি এক প্ৰেছ বিবৃতিযোগে পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সমিপাদকে জনাইছে ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *