Monday , February 17 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

 

অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড

ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন অসমীয়া যুৱকে । ৰটাৰী ইণ্ডিয়াৰ শতবৰ্ষ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই বঁটা আগবঢ়োৱা হয় গুৱাহাটীৰ নাৰেংগী নিৱাসী জীৱন চন্দ্ৰ বৰঠাকুৰ আৰু সবিতা বৰঠাকুৰৰ পুত্ৰ ভৃগু বৰঠাকুৰলৈ । পশ্চিমবংগৰ ক’লকাতাৰ বিশ্ব বাংলা কনভেন্সন চেণ্টাৰত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ৰটাৰী ইণ্ডিয়াৰ শতবৰ্ষ অনুষ্ঠানৰ আজি প্ৰথম দিনা পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনকাৰে অংশ লোৱা অনুষ্ঠানত পশ্চিমবংগৰ বিত্তমন্ত্ৰী অমিত মিত্ৰই ভৃগু বৰঠাকুৰক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে । ৰটাৰী ইণ্ডিয়া তথা ইন্টাৰনেছনেলৰ দেশ বিদেশৰ কেইবা সহস্ৰাধিক সদস্যৰ উপস্থিতিত অসমৰ যুৱকজনক পুৰস্কৃত কৰা হয় । উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক অংশগ্ৰহণকাৰীৰ মাজৰ পৰা উচ্চ পৰ্যায়ৰ বাচনি সমিতিয়ে ৫ গৰাকী ব্যক্তিক এই বঁটাৰ বাবে বাচনি কৰে । সমিতিয়ে বাচনি কৰা ৫ গৰাকী প্ৰতিযোগীৰ মাজত লাভ কৰা ভোটৰ ভিত্তিত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয় । উল্লেখযোগ্য যে ৰটাৰী ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে মুঠ চাৰিটা শিতানত- অৰ্থনৈতিক উন্নয়ন, স্বাস্থ্য, শিক্ষা আৰু পানী, অনাময় তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা শিতানত দেশৰ বিভিন্ন ঠাইৰ ৪ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰিছে । শিক্ষা শিতানত ভৃগু বৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে । এইখিনিতে উল্লেখ কৰিব পাৰি যে ভৃগু বৰঠাকুৰে মাত্ৰ ১১ বছৰ বয়সৰ পৰাই সমাজৰ বিভিন্ন সমস্যা, অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰ, দিব্যাংগসকলক সমাজৰ মূল সূতিৰ সৈতে সংযোগ কৰা আৰু অন্যান্য সামাজিক দিশত বিভিন্ন কাম কৰি আহিছে । ইঞ্জিনিয়াৰিং পঢ়ি থকাৰ সময়তে যুৱকজনে শোণিতপুৰ জিলাৰ চতিয়াৰ ঘাঁহিগাঁৱত প্ৰথমবাৰৰ বাবে এটা সহ-পাঠ্যক্ৰম কেন্দ্ৰৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত বিভিন্ন সংস্থাৰ সহযোগত এই ক্ষেত্ৰখনত কাম আৰম্ভ কৰে । মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হিচাপে ভাল প্ৰদৰ্শন কৰাৰ পাছতো অসমৰ বাহিৰত আকৰ্ষণীয় দৰমহাৰ চাকৰি এৰি নিজৰ ৰাজ্যখনৰ বাঞ্চিতসকলৰ বাবে কিবা এটা কৰাৰ সপোন লৈ ভৃগুৱে আৰম্ভ কৰে এটা নতুন যাত্ৰা । গাঁৱে গাঁৱে গৈ বঞ্চিতসকলৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে যুৱকজনে । কেয়াৰ ইউ 365 নামৰ বেচৰকাৰী সংস্থাৰ প্ৰতিস্থাপক সভাপতি হিচাপে ভৃগুৰ নেতৃত্বতে আৰম্ভ হয় বঞ্চিতসকলক সমাজৰ মূল সূতিলৈ ওভতাই অনাৰ প্ৰয়াস । সকলো দিশৰ পৰা পিছপৰা ৰামছিং চাপৰিত শিক্ষাৰ প্ৰসাৰ আৰু লিংগ অসমতা দূৰ কৰাৰ বাবে ভৃগুৱে আৰম্ভ কৰে অভিযান । কুদৰত নামৰ সংস্থাৰ সহযোগত ভৃগুৰ নেতৃত্বত আৰম্ভ কৰা হয় এখন অনানুষ্ঠানিক বিদ্যালয় । কুদৰতৰ সহযোগতে ভৃগুৱে বিভিন্ন বিদ্যালয়ত সৌৰ সংযোগৰ ব্যৱস্থা কৰা, খোৱাপানী, স্বাস্থ্য শিবিৰ, ছোৱালী আৰু মহিলা শিক্ষা তথা সংস্থাপনৰ ব্যৱস্থা কৰা আদি কামত আত্মনিয়োগ কৰে । ইয়াৰ উপৰি দৃষ্টিহীনসকলৰ বাবে নিজৰ বাসগৃহতে ব্ৰেইল প্ৰিন্টিং মেচিন বহুৱাই ভৃগুৰ নেতৃত্বতে অব্যাহত আছে ব্ৰেইল কিতাপ প্ৰকাশৰ কাম । আনহাতে মিছন ৫০ শীৰ্ষক প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন ঠাইৰ ১৩ খন বিদ্যালয়ত অনাময় আৰু অন্যান্য আন্তঃগাথঁনি বিকাশৰ বাবে কাম কৰা হৈছে । ‘স্কুল ৱাপচি’ প্ৰকল্পৰ অধীনত কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত গুৱাহাটীৰ বৰাগাঁৱত বিভিন্ন কাৰ্যকলাপৰ কেন্দ্ৰ স্থাপন কৰি জাবৰ-জোঁথৰ বুটলি ফুৰা লোকসকলৰ সন্তানকে ধৰি অঞ্চলটোৰ দৰিদ্ৰ ল’ৰা-ছোৱালীৰ বাবে চিত্ৰাংকন, নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হয় । আজি বঁটা গ্ৰহণ কৰি ভৃগুৱে কয় যে শিক্ষাৰ অধিকাৰ কেৱল এটা মৌলিক অধিকাৰ নহয়, ই এটা প্ৰাকৃতিক মানৱ অধিকাৰ আৰু প্ৰতিজন ব্যক্তিয়ে এই অধিকাৰ লাভ কৰাটো নিশ্চিত হ’ব লাগে । তেওঁ ৰটাৰী ইণ্ডিয়াক এই প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

About Staff Reporter

চাব পাৰে

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

  ষ্টাফৰিপৰ্টাৰ,,,,,,১৪ ফেব্ৰুৱাৰী গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত শুকুৰবাৰে দৰং জিলাৰ কটাহী, ছিপাঝাৰত এক বিনামূলীয়া …

Leave a Reply

Your email address will not be published. Required fields are marked *