Monday , November 18 2019
শেহতীয়া খবৰ
Home / সাহিত্য / অনন্যা অনিমা” শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন

অনন্যা অনিমা” শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন

 

ষ্টাফৰিপৰ্টাৰ ১জুন: স্বৰ্ণলতা শিশু কল্যান সমিতিৰ উদ্যোগত শনিবাৰে বিশিষ্ট সমাজসেৱীকা অনিমা গগৈৰ “অনন্যা অনিমা” শীৰ্ষক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। মহানগৰীৰ ৰুক্মিণী গাঁওৰ ৰুক্মিণী নগৰৰ ৰংমঞ্চ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই গ্ৰন্থ খন উন্মোচন কৰি ভাষণত কয় “সম্প্ৰতি ৰাজ্যত ভাল মানুহৰ সংখ্যা কমি গৈছে। ফলত মানুহৰ মাজত ভদ্ৰতা আৰু ভয় ভাৱটো নোহোৱা হৈ গৈছে। আজিৰ সমাজত মানুহৰ মাজত কেৱল ভ্ৰষ্টাচাৰ আৰু ভণ্ডামীহে দেখা পোৱা যায়”। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই বিশিষ্ট অতিথিৰ ভাষণত কয় “আমাৰ সমাজ ইণ্টাৰনেট আৰু বিদ্যুতিন মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰ অধিক হ’লেও গ্ৰন্থৰ গুৰুত্ব কেতিয়াও কমি নাযায়। অনিমা গগৈৰ এই অভিনন্দন গ্ৰন্থখনেও পাঠকৰ যথেষ্ঠ সমাদৰ লাভ কৰিব বুলি মন্তব্য কৰে। স্বৰ্ণলতা শিশু কল্যাণ সমিতিৰ সভাপতি হৰপ্ৰিয়া বৰুকীয়াল বৰগোহাইয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞি, লেখিকা পদ্মশ্ৰী এলী আহমেদৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

About Staff Reporter

চাব পাৰে

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন …

Leave a Reply

Your email address will not be published. Required fields are marked *