Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / অনন্যা’ চলচ্চিত্ৰৰ দিনপঞ্জী উন্মোচন

অনন্যা’ চলচ্চিত্ৰৰ দিনপঞ্জী উন্মোচন

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ ফেব্ৰুৱাৰী : প্ৰেম ভালপোৱা আৰু সমাজ জীৱনৰ নিৰ্লোভ ভাস্কৰ্য্যৰ বৰ্ণিল সমাহাৰেৰে অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ অৱসৰ প্ৰাপ্ত মুখ্য অভিযন্তা,সাংস্কৃতিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পী নিখিলেশ বৰুৱাৰ প্ৰযোজনাৰে পৰিচালক লৰ্ড দাসৰ নিখুত পৰিচালনাৰে শীঘ্ৰেই মুক্তি পাবলগীয়া বিগ বাজেটৰ অসমীয়া চলচ্চিত্ৰ “অনন্যা’ ৰ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনন্যা ৰ স্মাৰক যুক্ত দিনপঞ্জী উন্মোচন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বাহী বাদক দীপক শৰ্মাই “অনন্যা’ৰ কেলেণ্ডাৰ উন্মোচনী ভাষণত কয় ” বৈদ্যুতিন মাধ্যমকত কৈ এতিয়া ছপা মাধ্যমৰ জনপ্ৰিয়তা পূৰ্বৰ দৰে উভতি আহিছে। এতিয়া আকৌ লোক সংগীত শুনাৰ পৰিবেশ উভতি আহিছে। বাঁহী শুনাৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি পাইছে। চলচ্চিত্ৰ শিল্পৰ কাম চলি থাকক। “অনন্যা” চলচ্চিত্ৰৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনালোঁ। তেওঁলোক আগবঢ়াই যাওঁক , সফল হওঁক।’ ভাষণ প্ৰসংগত
বিশিষ্ট সাহিত্যিক ড০ যতীন্দ্ৰ নাথ ডেকাই কয় ” এই চলচ্চিত্ৰ খন নিশ্চিত ভাৱে ব্যতিক্ৰমী চলচ্চিত্ৰ হ’ব। আমি আজিও নাৰী মাতৃক প্ৰকৃত মৰ্য্যদা দিব পৰা নাই। দিব্যাংগ মহিলা সকলৰ অৱস্থা শোচনীয়। নাৰীক সন্মান, মৰম আৰু উচিত মৰ্য্যদা দিব লাগে। এই খন চলচ্চিত্ৰই এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আমি আশাবাদী।”
বুধবাৰৰ দিনপঞ্জী মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকে গীতিকাৰ-সুৰকাৰ জ্যোতিষ কুমাৰ দেৱ, টোকাৰী গীতৰ শিল্পী বিপিন চন্দ্ৰ শইকীয়া, “অনন্যা’ চলচ্চিত্ৰ খনৰ প্ৰযোজক নিখিলেশ বৰুৱা, অভিনেতা ভাৰ্গৱ কটকী, সমাজকর্মী পাৰুল বৰুৱা, সাহিত্যক গৰ্গেশ্বৰ দাস আদি উপস্থিত থাকি চলচ্চিত্ৰ খন নিৰ্মাণৰ জৰিয়তে ৰাইজক এটি সুক্ষ্ম বাৰ্তা দিব পাৰিব বুলি মত পোষন কৰি সকলোৱে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। কৰে। “অনন্যা”ৰ এই অনুষ্ঠানটি পৰিচালনা কৰে বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰ আৰু বণি কাশ্যপে।
সভাৰ আৰম্ভণিতে টোকাৰী গীতৰ শিল্পী বিপিন চন্দ্ৰ শইকীয়াই টোকাৰী গীত পৰিবেশন কৰে। সভাত জেষ্ঠ সাংবাদিক মন্টু শইকীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ এন এল প্ৰডাকচনৰ বেনাৰত নিৰ্মিত “অন্যন্যা’ তিনিবাৰকৈ প্ৰকৃত প্ৰেমত বিফল হৈ সুৰা-ড্ৰাগছৰ প্ৰতি আসক্ত পুত্ৰৰ অশালীন ব্যৱহাৰত কেনেকৈ জন্মদাত্ৰী এগৰাকী মাতৃ মৃত্যুক আঁকোৱালি লয় এক সামাজিক কৰুণ কাহিনীৰ ভিত্তিত সুন্দৰ ভাবে কাহিনী ভাগ আগবঢ়াই দৰ্শকক এক অনবদ্য উপহাৰ আগবঢ়াবলৈ সক্ষম হব বুলি পৰিচালক লৰ্ড দাসে জনায়। জ্যোতি চিত্ৰবন ৰ উপৰিও অসমৰ প্ৰকৃতিৰ পৰিৱেশত দৃশ্য গ্ৰহণ কৰি চৰিত্ৰ সমুহ সুক্ষ্ম ভাৱে অংকন কৰা অন্যন্যা চলচ্চিত্ৰ ৰ চিত্ৰনাট্য, সংলাপ, ৰচনা সুমিত্ৰা গোস্বামীৰ। জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ, ভাস্বতী ভাৰতী, নিখিলেশ বৰুৱা আৰু জুবলী বৰুৱাই কন্ঠ নিগৰোৱা চলচ্চিত্ৰ অন্যান্যৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতীয়ে। জনপ্ৰিয় অভিনেতা নিপন গোস্বামী, জয়ন্ত ভাগৱতী, চেতনা দাস, সুমিত্ৰা গোস্বামী, পল্লবী বৰা, ৰাতুল শৰ্মা, সিদ্ধাৰ্থ নিপন গোস্বামী,ভাৰ্গৱ কটকী, চনি কাকতি, কমল কুমাৰ, জ্যেতি অমিতা তামুলী, মধুস্মিতা কলিতা, অনামিকা চৌধুৰী, মলয় গোস্বামী, দিব্যাশ্ৰী, প্ৰাণজিত কাশ্যপ, নিপন কলিতাই অভিনয় কৰা চলচ্চিত্ৰ খনৰ প্ৰচাৰ পৰিকল্পনা জেষ্ঠ সাংবাদিক মন্টু শইকীয়া আৰু কমল কুমাৰৰ।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *