Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা : মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা

অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা : মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা

অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়টাৰৰ প্ৰতাৰণা :অভিনেত্ৰীক প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল সন্মিলিত শিল্পী সমাজ মাজুলী :মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা:

 

পৰাণজ্যোতি বৰা, মাজুলী,২৪ জুন:

 

অভিনেত্ৰীক প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল সন্মিলিত শিল্পী সমাজ মাজুলী ।মাজুলীত বৰদৈচিলা থিয়েটাৰক নিষিদ্ধ ঘোষণা কৰে সন্মিলিত শিল্পী সমাজ মাজুলীয়ে ।

বহু দিনৰ বিৰতিৰ পিছত যোৱা নাট্য বৰ্ষৰ পৰা পুনৰ ভ্ৰাম্যমাণ নাট্য জগতলৈ উভতি আহি হেঙুল থিয়েটাৰৰ মিৰা-বাই নাটকত দূৰ্দান্ত অভিনয়ৰ জড়িয়তে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্ত।অভিনেত্ৰী গৰাকী এইবাৰো অহা ২০১৯-২০ নাট্য বৰ্ষৰ বাবে চুক্তি বদ্ধ হৈছিল বৰদৈচিলা থিয়েটাৰৰ সৈতে।কিন্তু বৰদৈচিলা থিয়েটাৰে অহা নাট্য বৰ্ষৰ বাবে লোৱা অভিজিৎ ভট্টাচাৰ্যৰ মহিয়সী নাটক খনৰ পাণ্ডুলিপি চাব বিচৰা আৰু পাণ্ডুলিপিত ভুল দেখুৱাই দিয়াৰ বাবেই বৰদলৈ চিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰী গৰাকীক বৰদৈচিলা থিয়েটাৰৰ পৰা বাহিৰ কৰি দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে যোৱা শুক্ৰবাৰে অন্যায়ভাৱে চুক্তি বাতিল কৰাৰ অভিযোগেৰে বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি উচুপি উঠিছিল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত।এই সন্দৰ্ভত এইকেইদিন ৰাজ্যৰ নাট্য প্ৰেমী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে মাজুলীতো প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়েটাৰে চৰম প্ৰতাৰণা কৰাৰ বিৰুদ্ধে গৰজি উঠিছে মাজুলীৰ সাংস্কৃতিক সমাজ।আজি সন্মিলিত শিল্পী সমাজ মাজুলীয়ে বিয়লি কমলাবাৰী স্থিত ৰামধেনু শাখা সাহিত্য সভাৰ কাৰ্যালয়ত প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়েটাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে এক সংবাদমেল আয়োজন কৰি গৰজি উঠে।সন্মিলিত শিল্পী সমাজৰ প্ৰাক্তন কাৰ্য্যকৰী সভাপতি প্ৰতাপ বৰুৱাই আঁত ধৰা সংবাদ মেল খনত শিল্পী সমাজৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে কয় যে -সন্মিলিত শিল্পী সমাজ মাজুলীৰ আজীৱন সদস্য তথা মাজুলীৰ সু-সন্তান বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক প্ৰয়াত অচ্যুত ভাগৱতীৰ পত্নী প্ৰাঞ্জনা দত্ত এগৰাকী দক্ষ অভিনেত্ৰী।গতিকে এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ নিজস্ব ৰুচি-অভিৰুচি মতে অভিনয় কৰাৰ পূৰ্ণ অধিকাৰ নিশ্চিত ভাৱে আছে।এগৰাকী অভিনেত্ৰীয়ে নিজে অভিনয় কৰিবলগীয়া নাটক খনৰ পাণ্ডুলিপি পঢ়ি চাবলৈ বিচৰাটো কেতিয়াও ভুল হব নোৱাৰে। এগৰাকী ভাল অভিনেত্ৰীৰ সেয়া এক প্ৰাৰম্ভিক কৰ্তব্য বুলিও তেওঁ উল্লেখ কৰি কয় যে কোনো কাৰণ নোহোৱাকৈ অভিনয়েৰে নিজৰ পৰিয়াল পোহপাল দি থকা অভিনেত্ৰী গৰাকীক বৰদৈচিলা থিয়েটাৰে আগন্তুক নাট্য বৰ্ষৰ বাবে চুক্তি বদ্ধ কৰিও শেষত হঠাৎ চুক্তি বাতিল কৰা কাৰ্য্যত তেওঁ বৰদৈচিলা থিয়েটাৰ কতৃপক্ষৰ লগতে প্ৰযোজক নজৰুল ইছলামক ধিক্কাৰ দি মাজুলীত বৰদৈচিলা থিয়েটাৰক সন্মিলিত শিল্পী সমাজ মাজুলীয়ে নিষিদ্ধ কৰিছে বুলি ঘোষণা কৰে।ইয়াৰ উপৰিও নীতি নিয়মৰ মাধ্যমেৰে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক বৰদৈচিলা থিয়েটাৰে ক্ষতিপূৰণ আদায় দিবলৈ দাবী উত্থাপন কৰি অনাগত দিনত কোনো শিল্পীৰ লগতে এনে কাৰ্য্য নকৰিবলৈ শিল্পী সমাজে বৰদৈচিলা থিয়েটাৰক সকীয়াই দিয়ে।সংবাদ মেলত সন্মিলিত শিল্পী সমাজ মাজুলীৰ বিষয়ববীয়া ক্ৰমে ধ্ৰুৱজ্যোতি বৰা,উৎপল শইকীয়া,ৰমেন শইকীয়া,ভৰত দত্ত আৰু প্ৰণৱ শইকীয়া আদি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

নগাঁৱত কল্পনা হাজৰিকা গায়নৰ গল্পৰ নাট্যৰূপ “গোন্ধ” মঞ্চস্থ

: মীনাক্ষী ফুকন । গোলাঘাট। মাৰ ৰিহাৰ স্মৃতি বিজড়িত গোন্ধৰ অনুভূতিয়ে যেনেকৈ আমাক কিছুসময়ৰলৈকে আনন্দ …

Leave a Reply

Your email address will not be published. Required fields are marked *