Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অভিলেখা দাসলৈ নেৱকাছৰ মিডিয়া বঁটা

অভিলেখা দাসলৈ নেৱকাছৰ মিডিয়া বঁটা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,১৬ জুন।।।। সৰভোগৰ জীয়ৰী অভিলেখা দাসে নেৱকাছ মিডিয়া এৱাৰ্ডছ (২০১৯) লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনিবলৈ সক্ষম হৈছে। অভিলেখা দাসে সদৌ সাংস্কৃতিক সমন্বয় সন্থা(আকু) আৰু অসম মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউটে ৯ জুনত গুৱাহাটীৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজন কৰা নেৱকাছ মিডিয়া এৱাৰ্ডছ (২০১৯)ৰ শ্ৰেষ্ঠ কথক নৃত্যশিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হ’য়। উক্ত অনুষ্ঠানটোত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ, দীক্ষু, অভিনেতা যতীন বৰাকে ধৰি বিভিন্ন শিল্পীসকল থাকে। আনহাতে, শ্ৰেষ্ঠ নৃত্যশিল্পীৰ বঁটা লাভ কৰা অভিলেখা দাসে কলিকতাৰ শ্ৰেষ্ঠ নৃত্যশিল্পী দেৱশ্ৰী ৰায় আৰু গোতম দে’ৰ সান্নিধ্যত প্ৰশিক্ষণ লৈছিল বুলি জানিব দিয়ে অভিলেখাৰ পিতৃ প্ৰশান্ত দাসে।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *