ষ্টাফ ৰিপ’ৰ্টাৰ,,,,৪ ডিচেম্বৰ। হেলথ্ কেয়াৰৰ উদ্যোগত অসমৰ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক উৎকৃষ্ট চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে ডক্টৰ্ছ অন-ডিমাণ্ড প্ৰগ্ৰেমৰ অধীনত নিয়মিতভাৱে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গুৱাহাটীলৈ বিভিন্ন বিশেষজ্ঞ আনিবৰ বাবে শীৰ্ষ হেলথ কেয়াৰ পৰামৰ্শদাতা ফাৰ্ম হেলথ্ ট্ৰেভেলাৰ্ছ ৱৰ্ল্ডৱাইড এ গুৱাহাটীৰ এক্সেলকেয়াৰ হাস্পতালৰ সৈতে এক চুক্তি কৰিছে। এই কাৰ্যক্ৰমৰ অংশ হিচাপে আৰ্থৰ’স্ক’পিক/ স্প’ৰ্টছ মেডিচিন আৰু জটিল স্পাইন চাৰ্জাৰীৰ ওপৰত গুৰুত্ব আৰোপেৰে ৬ আৰু ৭ ডিচেম্বৰ ত এক্সেলকেয়াৰ হাস্পতালত দুদিনীয়া চিকিৎসা পৰামৰ্শ আৰু চাৰ্জাৰী কেম্প অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত হেলথ্ ট্ৰেভেলাৰ্ছ ৱৰ্ল্ডৱাইডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য পৰামৰ্শদাতা জাকাৰিয়া আহমেদে কয়-“এই সুবিধাৰ জৰিয়তে আমি যথোচিত ব্যয় সাপেক্ষে অসমৰ বাহিৰত বিচৰা এক চিকিৎসা অসমত উপলব্ধ কৰিবৰ বাবে প্ৰয়াস কৰিছোঁ। ইয়াৰ জৰিয়তে অসমৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি মই আশাবাদী”। তেওঁ লগতে কয়-“আমি গুৱাহাটীত এই সেৱা আৰম্ভ কৰিছোঁ, কিন্তু একেসময়তে সমগ্র উত্তৰ পূৰ্বাঞ্চলত কৰাৰ পৰিকল্পনা হাতত লৈছো”। উল্লেখযোগ্য যে, এক্সেলকেযাৰ হাস্পতালৰ সহযোগত এইচটিডব্লিউয়ে চার্জন বাচি উলিওৱা, লজিষ্টিকৰ ব্যৱস্থা, চাৰ্জাৰী, আদি কেয়াৰৰ সুবিধা আগবঢ়াই। ইয়াৰ পূৰ্বেও চলিত বছৰৰ ১৬,আৰু ১৭ অক্টোবৰত উক্ত হাস্পতাল খনত এটা চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল যাৰ দ্বাৰা ৪০ জন ৰোগী লাভান্বিত হৈছিল।