Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অশ্বক্লান্ত দেৱালয়ত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পৰ্বৰ আয়োজন

অশ্বক্লান্ত দেৱালয়ত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পৰ্বৰ আয়োজন

অশ্বক্লান্ত দেৱালয়ত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পৰ্বৰ আয়োজন।

পঙ্কজ নাথ, চাংসাৰি, ২০ আগষ্ট :

কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মাজগাওঁস্থিত বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয় ৩০০ বছৰ অতিক্ৰম কৰা এখনি ঐতিহাসিক দেৱালয়। অসমৰ পবিত্ৰ গয়া তীৰ্থ ৰূপে খ্যাত দেৱালয়খনত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবেলিও দেৱালয় প্ৰাংগণত অহা ৫ ভাদ ইংৰাজী ২৩ আগষ্ট শুক্ৰবাৰে এদিনীয়া কাৰ্যক্ৰমণিকাৰে শ্ৰী কৃষ্ণ জন্মাষ্টমী পৰ্ব উদযাপনৰ আয়োজন কৰা হৈছে । কাৰ্যক্ৰমণিকা অনুসৰি ২৩ আগষ্টৰ পূৱা ৮ বজাত দেৱালয়ৰ ধ্বজ উত্তোলনৰে সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাই জন্মাষ্টমী অনুষ্ঠান মুকলি কৰিব। ৯ বজাত গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেৱালয়ৰ উপদেষ্টা মণ্ডলীয়ে। ১০ বজাৰ পৰা আয়তিৰ নাম পৰিবেশন। নিভা হাজৰিকাৰ নামদল, মিলিজুলি নামদল, দিহিঙিয়া খেল নামদল আৰু কৃষ্ণনগৰ শিৱমন্দিৰ নামদলে অংশগ্ৰহণ কৰিব। দুপৰীয়া ২বজাত ভোগ বিতৰণ । সন্ধিয়া ৬ বজাৰ আমন্ত্ৰিত শিল্পী ত্ৰৈলোক্য ডেকাক নাগাৰা নাম পৰিবেশন। সন্ধিয়া ৭ বজাত জন্মাষ্টমী পূজা আৰম্ভ হব। নিশা ১০ বজাৰত মহাশান্তি ও ভোগ বিতৰণ । এইবাৰৰ জন্মাষ্টমী অনুষ্ঠানত স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাঃ লিঃৰ মূখ্য প্ৰবন্ধ নিৰ্দেশক ৰিণিকি ভূঞা শৰ্মাই অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতি তৰফৰ পৰা উপদেষ্টা মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দি সেইদিনাৰ সকলো কাৰ্য্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহযোগীতা ও উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *