Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / অসংলগ্ন / অসংলগ্ন/ ১৫/০৫/১৯

অসংলগ্ন/ ১৫/০৫/১৯

অসংলগ্ন/ ১৫/০৫/১৯

ড° অৰূপ কুমাৰ নাথ

ভাষাৰ কথা, আশাৰ কথা

এই বছৰৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব আৰু ভাষা প্ৰযুক্তি বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ দৰং, ওদালগুৰি আৰু বাক্সা জিলা কেইখনৰ সীমামূৰীয়া ঠাই খৈৰাবাৰী অঞ্চলত মৰোঁ জিওঁকৈ বাচি থকা বৰ্মন কছাৰী ভাষাটিৰ বিষয়ে ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ গৈছিলো। তাত থকা চাৰি দিনত ছাত্ৰ- ছাত্ৰীসকলে সেই ভাষাটিৰ বিষয়ে যিমান পাৰি সিমান শিকিবলৈ যত্ন কৰাৰ লগতে বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল।

সাধাৰণতে ভাষা বুলি ক’লেই সচেতন আৰু জাতীয়তাবাদী লোকসকল আবেগিক হৈ পৰা দেখা যায়। ভাষিক চেতনা, ভাষিক আনুগত্য আৰু ভাষিক জাতীয়তাবাদ থাকিলেহে ভাষা এটা দীৰ্ঘদিনৰ বাবে জীয়াই থকাটো সম্ভব। এই তিনিটা বস্তু নথকাৰ বাবেই উত্তৰ পুৰ্বাঞ্চলৰ লগতে পৃথিবীৰ বিভিন্ন ঠাইৰ ভাষাবিলাকৰ লাহে লাহে মৃত্যু হ’ব লাগিছে। আমাৰ আদৰৰ অসমীয়া ভাষাটিৰ প্ৰতিও লাহে লাহে এচাম লোকৰ আনুগত্য, মৰম আৰু সন্মান কমি আহিব ধৰিছে। তেওঁলোকে ভাষাটিৰ বিষয়ে ভ্ৰান্ত ধাৰণা কিছুমান মনত কঢ়িয়াই লৈ ফুৰিছে আৰু এক অজান হীনমন্যতাক মনৰ ভিতৰত বাঢ়িবলৈ দিছে। ইয়াৰ বাবে ভাষাটি দিনে দিনে নিশকতীয়া হৈ গৈ আছে।

অসমৰ ইতিহাসৰ এজন উজ্জ্বল আৰু পৰাক্ৰমী সুশাসক কুমাৰ ভাস্কৰ বৰ্মনৰ বংশধৰ এই বৰ্মন কছাৰীসকলৰ ভাষাৰ বৰ্তমানৰ শ্ৰীহীনতাৰ বাবেও এনেবোৰ কাৰককেই উনুকিয়াব পাৰি। তেওঁলোকে আমাক জনোৱা মতে এসময়ত তেওঁলোকৰ নিজৰ অগ্ৰজ সকলেই ঘৰৰ বাহিৰত অন্য লোকৰ সৈতে বৰ্মন কছাৰী ভাষা একেবাৰে ব্যৱহাৰ কৰিবলৈ মানা কৰিছিল, যাৰ বাবে পিছলৈ তেওঁলোকৰ ভাষাটোৰ প্ৰতি একধৰণৰ নেতিবাচক মনোভাৱ নিজৰ মাজতেই গাঢ় হৈছিল। এতিয়া ভাষাটোৰ অৱস্থা এনে হৈছে যে ষাঠি-সত্তৰোৰ্ধৰ লোকসকলেহে কিছু পৰিমানে ভাষাটি শুদ্ধকৈ ক’ব পাৰে। সেইবুলি যে এই ভাষাটিৰ ভবিষ্যতৰ কথা ভাবি দু:শ্চিন্তাত দিন কটোৱা লোক নাই তেনে নহয়। অনিমেশ বৰ্মন, পৰিতোষ বৰ্মন, মাধৱ বৰ্মন আদি কেইজনমান লোকে মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে যদিহে তেওঁলোকৰ ভাষিক পৰিচয় নেথাকে তেনেহ’লে এদিন বিশ্বৰ আগত চিনাকি দিবলৈ তেওঁলোকৰ একোৱেই নাথাকিব।

এনে এক সন্ধিক্ষণত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰায় ২০/২৫ জনীয়া ভাষাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ দলটো খৈৰাবাৰীত উপস্থিত হোৱাৰ লগে লগেই তেওঁলোকৰ মাজত এক নতুন ধৰণৰ সজাগতা আৰু উৎসৱমুখৰ পৰিবেশ দেখা পোৱা গ’ল। ইমানদিনে এলাগী বুলি ভাবি থকা তেওঁলোকৰ ভাষাও যে কাৰোবাৰ বাবে অধ্যয়ন আৰু আগ্ৰহৰ বিষয় হ’ব পাৰে,সেয়া তেওঁলোকে নতুনকৈ অনুভৱ কৰিলে। অকল এই অনুভৱতেই সীমিত নেথাকি তেওঁলোকে সেইকেইদিন বিশ্ববিদ্যালয়ৰ দলটিক ভাষা সংস্কৃতিৰ বৰপেৰাটি সকলোৰে আগত মেলি দিলে। সেইকেইদিন যেন সকলোৰে বাবে এক ‘ভাষিক-সাংস্কৃতিক ভোজ’ (Linguistic and Cultural feast) যেনহে হৈ পৰিল। বৰ্মন ভাষা কোৱা গোটেইকেইখন গাঁৱতে একধৰণৰ উৎসৱমুখৰ পৰিবেশ সৃষ্টি হোৱা বুলিও ক’ব পাৰি। য’লৈকে আমাৰ দলটো গৈছে তাতেই গাওঁৰ বুঢ়া মেথা, বোৱাৰী সকলো লগহৈ সকলোকে আদৰিলে । ছাত্ৰ-ছাত্ৰীসকলেও ভাষিক স্বেচ্ছাসেৱকৰ নিচিনাকৈ সকলোকে বুজালে তেওঁলোকে কিয় তেওঁলোকৰ ভাষা জীয়াই ৰখাটো প্ৰয়োজন, পিছৰ প্ৰজন্মলৈ আগবঢ়াই দিয়াটো প্ৰয়োজন ইত্যাদি ইত্যাদি।

বৃহত্তৰ অসমীয়া পৰিচয় অটুট ৰাখিও কিদৰে বহুসংস্কৃতিবাদী চিন্তাধাৰাৰে আমি সকলোবোৰ জাতি জনজাতিয়ে নিজৰ নিজৰ পৰিচয়ো অটুত ৰাখিব পাৰি সেই দিশত বৌদ্ধিক চিন্তা চৰ্চাৰ লগতে এক উপযুক্ত পৰিবেশো আমি গঢ়ি তোলাৰ সময় হ’ল। পৰিতোষ, জয়ন্ত, ৰুনা, ধৰ্মেশ্বৰ, জ্যোতিষ, তপন, কেশৱ, মাধৱহঁতৰ মুখবোৰে সেই আশাকেই প্ৰতিফলিত কৰা যেন লাগিছিল। যেন তেওঁলোক দৃঢ়প্ৰতিজ্ঞ তেওঁলোকৰ ভাষাক জীয়াই ৰাখিবলৈ আৰু পিছৰ প্ৰজন্মৰ হাতত সসন্মানে তুলি দিবলৈ। ইয়াতকৈ আশাৰ কথা আৰু কি হ’ব পাৰে?

(ড° নাথ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ সহকাৰী অধ্যাপক)

About Staff Reporter

চাব পাৰে

অসংলগ্ন/ ১৫/০৪/১৯ ড° অৰূপ কুমাৰ নাথ

অসংলগ্ন/ ১৫/০৪/১৯ ড° অৰূপ কুমাৰ নাথ নিৰ্বাচন ২০১৯ ৰাজনীতিৰ বিষয়ে নিলিখো বুলিয়েই ভাবি আছিলো । …

Leave a Reply

Your email address will not be published. Required fields are marked *