Wednesday , June 19 2019
Home / অসংলগ্ন / অসংলগ্ন/ ১৫/০৬/১৯ ড° অৰূপ কুমাৰ নাথ

অসংলগ্ন/ ১৫/০৬/১৯ ড° অৰূপ কুমাৰ নাথ

অসংলগ্ন/ ১৫/০৬/১৯

ড° অৰূপ কুমাৰ নাথ

গ্ৰেটা থানবাৰ্গ আৰু উৰণ লজ্জা

৫ জুনৰ দিনা গোটেই বিশ্বতে বিশ্ব পৰিবেশ দিবস পালন কৰা হ’ল। প্ৰতিটো পাৰ হোৱা দিনতেই যে জলবায়ুৰ পৰিবৰ্তন হৈ গৈ আছে সেয়া নতুনকৈ দোহৰাৰ আজি কোনো প্ৰয়োজন নাই। ক’ৰবাত যদি অভাৱনীয় গৰম, ক’ৰবাত আকৌ ভয়ানক ঠাণ্ডা। এনেধৰণৰ জলবায়ু পৰিবৰ্তনৰ বাবে সিংহভাগ যে মানুহেই জগৰীয়া তাত বিতৰ্কৰো কোনো অৱকাশ নাই। আমি প্ৰত্যেকেই পৰোক্ষ বা প্ৰত্যক্ষভাবে কিবা নহয় কিবা প্ৰকাৰে পৰিবেশ প্ৰদূষিত কৰিয়েই আহিছো। সেউজগৃহ বাষ্প নিৰ্গমনৰ বাবেই হওক বা বিভিন্ন উদ্যোগৰ পৰা নিৰ্গমিত কাৰ্বনৰ বাবেই হওক আমাৰ এই সুন্দৰ ‘পৃথিবী’ নামৰ গ্ৰহটো যে লাহে লাহে মানব কুলৰ বাসোপযোগী নোহোৱা হ’বলৈ ধৰিছে তাত কাৰো দ্বিমত নাই। ইয়ে মানবকুলৰ ভবিষ্যত প্ৰজন্মৰ বাবে অশনি সংকট নমাই আনিছে। বিশ্বৰ আগশাৰীৰ নেতাসকলে এই বিষয়ত এক বহনক্ষম আৰু ফলপ্ৰসু ব্যৱস্থা লবৰ বাবে সময়ে সময়ে বিভিন্ন ঠাইত যেনে বাৰ্লিন, জেনিভা, কিয়’ট’ আদিত আন্তৰাষ্ট্ৰীয় সন্মিলন পাতি এই কথাবোৰ বিতংকৈ আলোচনাও কৰিছে। পিছে সুফল হ’লে এতিয়ালৈ একো পোৱা নাই।

এই বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিয়াৰ সময়তে চুইডেনৰ ষোল্ল বছৰীয়া গ্ৰেটা থানবাৰ্গ নামৰ কিশোৰীজনীৰ কাৰ্যকলাপে গোটেই বিশ্বতে বিশেষকৈ ইউৰোপত খলকনি তুলিছে। অভিনেতা আৰু গায়িকা পিতৃ মাতৃৰ জীয়ৰি থানবাৰ্গে পোন্ধৰ বছৰ বয়সৰ পৰাই জলবায়ু পৰিবৰ্তনৰ ভয়াবহতাৰ দিশবোৰ উনুকিয়াই চুইডেনৰ সদনৰ বাহিৰত ধৰ্ণাত বহিবলৈ আৰম্ভ কৰে। প্ৰথমতে মানুহবোৰৰ বৰ বিশেষ সঁহাৰি নেপালেও লাহে লাহে চুইডেনৰ সংবাদ জগতে থানবাৰ্গৰ প্ৰতিবাদ গুৰুত্বসহকাৰে পৰিবেশন কৰিবলৈ আৰম্ভ কৰিলে। ২০১৮ চনৰ নবেম্বৰত আৰম্ভ হোৱা এই প্ৰতিবাদে পিছলৈ ছাত্ৰ ছাত্ৰীসকলৰ অভূতপুৰ্ব সহাৰি লাভ কৰিবলৈ ধৰিলে। ২০১৯ চনৰ ১৫ মাৰ্চত বিশ্বৰ ১১২ দেশৰ প্ৰায় ১.৪ মিলিয়ন ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ উপৰিও মে’ মাহৰ ২৪ তাৰিখেও বিশ্বৰ প্ৰায় ১২৫ খন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে পৃথিবীৰ বিভিন্ন ঠাইত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

থানবাৰ্গে গোটেই বিশ্বক এই ভয়াবহ সমস্যাটোৰ বিষয়ে আৰু অধিক সজাগ কৰাৰ লগতে আন এটা বিষয়ো আমাৰ আগত উন্মোচিত কৰিলে। সেয়া হ’ল ‘উৰণ লজ্জা’ বা ‘flight shaming’। যিহেতু বিমান এখন আকাশত উৰোৱাবৰ বাবে যথেষ্ট পৰিমানে ইন্ধনৰ প্ৰয়োজন হয় আৰু সেই অনুপাতে বিমান এখনে বহু পৰিমানে কাৰ্বন, মিথেন, নাইট্ৰাছ আদি গেছবোৰো নিৰ্গমিত কৰে, ইয়ে গোলকীয় উষ্ণতা বৃদ্ধিত বহুপৰিমানে সহায় কৰে। সেয়েহে যিসকল লোকে সঘনাই বিমানেৰে যাত্ৰা কৰে তেওঁলোকক লাজ দিবৰ বাবেই এই ধাৰণাটোৰ আবিৰ্ভাব হয়। যিসকল লোক প্ৰকৃতিৰ স্বকীয়তা ৰক্ষা কৰাৰ প্ৰতি সদা সচেতন বা যিসকলে প্ৰকৃতিৰ অনিষ্ট সাধন হোৱাটো নিবিছাৰে, অন্তত: ভবিষ্যত প্ৰজন্মৰ সুৰক্ষিত ভবিষ্যতৰ কথা ভাবিয়েই, তেওঁলোকে নিশ্চয় বিমান যাত্ৰা এটা কৰাৰ পিছত অপৰাধবোধত ভোগে। অমাৰ দেশত তেনেকুৱা লোক নেথাকিলেও অন্তত: ইউৰোপ আমেৰিকাৰ দৰে উন্নত দেশবোৰত তেনে লোক বিছাৰিলেই পোৱা যাব। অবশ্যে আমাৰ দৰে উন্নয়নশীল বা অনুন্নত দেশবোৰৰ নাগৰিকৰ বাবে বিমান যাত্ৰা এতিয়াও একধৰণৰ বিলাসিতাই হৈ আছে। তেনেক্ষেত্ৰত বিমানযাত্ৰা কৰাৰ পিছত আত্মশ্লাঘাত ভোগাৰ প্ৰশ্ন উঠিবই নোৱাৰে। বৰঞ্চ ই একধৰণৰ গৌৰৱৰহে বিষয় হোৱা দেখা যায়। কিন্তু গ্ৰেটা থানবাৰ্গে ষ্পষ্টকৈ ৰাজহুৱা ঘোষণা দি কৈছে যে তেওঁ আমাৰ গ্ৰহটোৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থতেই জীৱনৰ বাকী দিনবোৰত কেতিয়াও বিমান যাত্ৰা নকৰে। তেওঁ ইউৰোপৰ ওচৰ চুবুৰীয়া দেশবোৰ ভ্ৰমণ কৰিবলৈও সততে উপলব্ধ বিমানৰ পৰিবৰ্তে ৰেলেৰেহে যাত্ৰা কৰিছে। এইলানি প্ৰতিবাদ সাব্যস্ত কৰি থানবাৰ্গে বিশ্বজোৰা প্ৰসিদ্ধি লাভ কৰাৰ পিছতেই পৃথিবীৰ বিভিন্ন দেশৰ পৰা আমন্ত্ৰন পোৱাৰ পিছতো থানবাৰ্গ উপস্থিত হ’ব নোৱাৰাৰ প্ৰধান কাৰণটোৱেই হ’ল সকলো মহাদেশলৈ ৰেলযাত্ৰা এতিয়াও সুচল নহয়।

এতিয়া কথা হ’ল Flygskam (চুইডিশত) অৰ্থাৎ flight shame এ আমাৰ গ্ৰহটোক সুৰক্ষিত কৰিব পাৰিব জানো? হয়তো নোৱাৰে। কিন্তু এই আন্দোলনটোৰ একধৰণৰ প্ৰতীকী মূল্য সদায় থাকিব। ইয়ে মানুহক প্ৰকৃতিৰ বিষয়ে, গোলকীয় উষ্ণতাৰ বিষয়ে, সেউজগৃহ গেছ নিৰ্গমনৰ বিষয়ে আৰু অধিক সজাগ কৰি তুলিব । এই আন্দোলনে ইতিমধ্যে বিমান উদ্যোগৰ ভিতৰচ’ৰাতো যথেষ্ট খলকনি তুলিছে। কিছুদিন আগতে কোৰিয়াৰ চিয়াউল চহৰত অনুষ্ঠিত হোৱা International Air Transport Association ৰ বাৰ্ষিক সভাত এই বিষয়টোৱে যথেষ্ট গুৰুত্ব পোৱাৰ লগতে চৰ্চাও হয়। অন্যহাতে চুইডেনত ৰেলযাত্ৰীৰ সংখ্যা হঠাতে বাঢ়িব লাগিছে। এই আন্দোলনটোৰ কিছু পৰিমানে হ’লেও যে যোগাত্মক প্ৰভাৱ মানুহৰ মাজত পৰিছে সেয়া ধুৰূপ। এনে সন্ধিক্ষণত ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰে কেনেধৰণৰ স্থিতি গ্ৰহণ কৰে সেয়া আগন্তুক দিনত লক্ষনীয় হৈ পৰিব।

(ড° নাথ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু বিদেশী ভাষা বিভাগৰ সহকাৰী অধ্যাপক)

About Staff Reporter

চাব পাৰে

অসংলগ্ন/ ১৫/০৪/১৯ ড° অৰূপ কুমাৰ নাথ

অসংলগ্ন/ ১৫/০৪/১৯ ড° অৰূপ কুমাৰ নাথ নিৰ্বাচন ২০১৯ ৰাজনীতিৰ বিষয়ে নিলিখো বুলিয়েই ভাবি আছিলো । …

Leave a Reply

Your email address will not be published. Required fields are marked *