Sunday , February 23 2020
Home / আঞ্চলিক / অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী :অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী উত্থাপন কৰিছে সদৌ অসম উন্নয়ন পৰিষদে। সোমবাৰে পৰিষদৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে পৰিষদৰ সাধাৰণ সম্পাদক চন্দন বৰদলৈয়ে এই দাবী উত্থাপন কৰি কয় ” দেশৰ বিভিন্ন ৰাজ্যত যিহেতু মাতৃভাষা প্ৰয়োগ আৰু প্ৰসাৰৰ ওপৰত চৰকাৰ দায়বদ্ধ আৰু শ্ৰদ্ধাশীল, ঠিক সেইদৰে অসমতো অসম চৰকাৰে অসমীয়া ভাষা প্ৰয়োগ আৰু প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক।অসমীয়া ভাষা এতিয়া অস্তিত্বৰ সংকটত। অসমতে অসমীয়া ভাষাটো এলাগী হৈ পৰিছে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত আৰু অতি দুখৰ বিষয় চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ পুতৌজনক।এচাম বহিৰাগত অনা-অসমীয়া চৰকাৰী উচ্চ পদস্থ বিষয়াই অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ পৰিবৰ্তে হিন্দী ভাষা ব্যৱহাৰ কৰে, যিটো অতি গৰিহণাৰ যোগ্য। আমি যিহেতু অসমীয়া ভাষাৰ আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধ সেয়েহে আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনালোঁ। ইতিমধ্যে আমি ৰাজ্যজুৰি অসমীয়া ভাষা প্ৰসাৰ আৰু প্ৰয়োগৰ ওপৰত এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। সময় থাকোতে ভাষাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আমি চৰকাৰক আহ্বান জনালোঁ।” সংবাদমেল যোগে পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কয় ” চাকৰি আৰু ব্যৱসায় সূত্ৰে বহি: ৰাজ্যৰ পৰা অসমলৈ আহি অসমত অতি কমেও তিনি বছৰ বসবাস কৰা বহিৰাগত ব্যক্তিক অসমীয়া ভাষাৰ প্ৰতি শ্রদ্ধাশীল হৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনালোঁ। লগতে বৰাক উপত্যকা আৰু বি টি এ ডি ত অসমীয়া ভাষা সৰ্বস্তৰত প্ৰয়োগ তথা স্থানীয় ভাষাটোৰ সহযোগী ভাষা হিচাপে কৰিবলৈ আহ্বান জনালোঁ। লগতে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰা, চাকৰি আৰু ব্যৱস্যায়ীক সূত্ৰে অসমলৈ অহা বহিৰাগত সকলো ব্যক্তিক অসমীয়া ভাষা শিকিবলৈ দাবী জনালোঁ।’ সংবাদ মেলত পৰিষদৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *