Sunday , April 5 2020
শেহতীয়া খবৰ
Home / Business / অসমীয়া গামোছাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ পিএম মোদী

অসমীয়া গামোছাৰ অঘোষিত ব্ৰেণ্ড এম্বেচাদৰ পিএম মোদী

টাৱেলতকৈ পাতল গামোছাৰ আছে বিশ্ব বজাৰ দখলৰ সম্ভাৱনাঃ অসমীয়া গামোছা উদ্যােগৰ বিকাশৰ বাবে সুৱৰ্ণ সুযোগঃ জাতীয় অৰ্থনীতি টনকীয়াল হোৱাৰ পথ উন্মুক্ত

 

বিশেষ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ২০১৮ চনৰ বিশ্ব যোগ দিৱসতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগাসনৰ সময়ত কান্ধত অসমীয়া গামোছাখনক কান্ধত লোৱা দেখা গ’ল। বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে শাৰীৰিক অনুসীলন প্ৰদশন কৰা, শেহতীয়াৰকৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ চেলেঞ্জ গ্ৰহণ কৰি শাৰীৰিক অনুশীলন প্ৰদৰ্শন কৰাৰ সময়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে কান্ধত গামোছা লোৱা দেখা গ’ল। উল্লেখ্য যে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি ভাৰতীয় যোগ সংস্কৃতিয়ে ব্যাপক প্ৰচাল লাভ কৰিছে। এইক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সক্ৰিয়ভাৱে পদক্ষেপ হাতত লৈছে। বিশ্বজুৰি সৃষ্টি হোৱা যোগৰ প্ৰতি আকৰ্ষিত হোৱা লোকসকলৰো লক্ষ্য থাকে প্ৰধানমন্ত্ৰী মোদীৰ যোগাভ্যাসৰ ওপৰত। তেনেক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কান্ধত লোৱা অসমীয়াৰ বুকুৰ আপোন গামোছাখনেও প্ৰচাৰ তথা প্ৰসাৰ লাভ কৰিছে। এইক্ষেত্ৰত যেন অসমীয়া গামোছাৰ একপ্ৰকাৰ অঘোষিত ব্ৰেণ্ড এেম্বচাদৰৰ দৰে কাম কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ব্যৱসায় তথা দৈনিন্দন কাৰ্যত ব্যৱহাৰৰ দিশৰ পৰা চাবলৈ গ’লে অসমৰ গামোচাখনে বিশ্ববজাৰ দখল কৰাৰ খুবেই সম্ভাৱনা আছে। কাৰণ বৰ্তমান অধিকাংশ লোকেই টাৱেল ব্যৱহাৰ কৰে। এই টাৱেল সমূহ গধূৰ, কঢিয়াই লৈ ফুৰিবলৈ অসুবিধা তথা উচ্চ মূল্যৰ। ইয়াৰ পৰিৱৰ্তে অসমৰ গামোচাখন পাতল, কঢিয়াই লৈ ফুৰিবলৈ সহজ তথা দামৰ ক্ষেত্ৰতো কম। এই গামোচাখনে যদি ব্যৱসায়িকভিত্তিত বিশ্বজুৰি প্ৰচাৰ লাভ কৰে তেন্তে খুব সহজতেই বজাৰ দখল কৰিবলৈ সক্ষম হ’ব। ইয়াৰ পৰিণতিত অসমৰ শিপিনসকলে লাভৱান হ’ব। অসমৰ গামোছা উদ্যাগটো বহল হ’ব। জাতীয় অৰ্থনীতি টনকীয়াল হ’ব। এনেক্ষেত্ৰত প্ৰধানমন্ত্ৰী গৰাকীৰ প্ৰচাৰৰ সমান্তৰালকৈ অসমীয়া উদ্যমীসকলেও উৎপাদন ও বজাৰৰ প্ৰসাৰতাত গুৰুত্ব প্ৰদান কৰা উচিত।

About Staff Reporter

চাব পাৰে

লায়ন্স ক্লাৱ গুৱাহাটীৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

  ষ্টাফৰিপৰ্টাৰ,,,,২ এপ্ৰিল।।।আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ …

Leave a Reply

Your email address will not be published. Required fields are marked *