Saturday , January 25 2020
শেহতীয়া খবৰ
Home / মহানগৰ / অসমৰ পৰম্পৰাগত আ-অলংকাৰৰ প্ৰদৰ্শনীৰ সামৰণি

অসমৰ পৰম্পৰাগত আ-অলংকাৰৰ প্ৰদৰ্শনীৰ সামৰণি

 

ষ্টাফৰিপোৰ্টাৰ, ১২ জানুৱাৰী : ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে অসমৰ পৰম্পৰাগত আ-অলংকাৰৰ এক ব্যতিক্ৰমী প্ৰদৰ্শনী তথা বিপণন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মহানগৰীৰ গণেশগুৰিৰ নেডফি হাউচত ৯ জানুৱাৰীৰ অনুষ্ঠিত এই প্ৰদৰ্শনীৰ বৃহত্তৰ অসমৰ থলুৱা কেঁচা সমগ্রীৰে নিৰ্মিত আৰু অত্যাধুনিক আৰ্হিযুক্ত গহনা বিক্ৰী কৰা হয়।”এই প্ৰদৰ্শনী খনৰ মূল উদ্দেশ্য হৈছে থলুৱা উদ্যোগী সকলক এখন মঞ্চ প্ৰদান কৰা। এই প্ৰদৰ্শনীত বৰপেটা,নগাঁব যোৰহাট, কাৰ্বি আংলং, ডিমা হাচাও, ডিব্ৰুগড়, শিৱসাগৰ, নলবাৰী আৰু গুৱাহাটীৰ আদিৰ থলুৱা উদ্যোগীসকলৰ মুঠ ৩০ খন বিপনীয়ে অংশগ্ৰহণ কৰে। উদ্যোগীসকলে বাঁহ- বেতৰ লগতে গছৰ গুটি তথা পাট- মুগা সূতাৰে নিৰ্মিত গহনা, কেচা সোণেৰে নিৰ্মিত বিভিন্ন আৰ্হিৰে গহনা প্ৰদৰ্শন কৰা হয়। গহনা ক্ৰয় কৰিবলৈ ৰাজ্যৰ লগতে দেশ, বিদেশৰ গ্ৰাহকৰ সমাগম ঘটে। দেওবাৰে এই প্ৰদৰ্শনী খনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কাৰী সকলক প্ৰমাণ পত্ৰ বিভাগৰ তৰফৰ পৰা বিৰতণ কৰা হয়। বিভাগৰ বিপণী আঁচনিৰ অধীনত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। বিগত বৰ্ষত এই প্ৰদৰ্শনীত প্ৰায় ৮ লাখ টকাৰ ব্যবসায় হোৱাৰ লগতে এইবাৰ প্ৰায় ১০ লাখ টকাৰ ব্যবসায় হৈছে বুলি উদ্যোক্তা সকলে জানিব দিছে।

About Staff Reporter

চাব পাৰে

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *