Monday , March 30 2020
শেহতীয়া খবৰ
Home / Business / অসমৰ ফেশ্বন আৰু সৌন্দৰ্য জগতৰ বাবে সুখবৰ

অসমৰ ফেশ্বন আৰু সৌন্দৰ্য জগতৰ বাবে সুখবৰ

দীপাঞ্জলী ডেকা,,5জুন।।। অসমৰ ফেশ্যন আৰু সৌন্দৰ্য জগতৰ বাবে এটা সুখবৰ । শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰ DELHI NCR গুৰগাওঁত অনুষ্ঠিত মিছেছ ৰয়েল ইণ্ডিয়া INTERNATIONAL খিতাপ জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ পায়েল অ’ছান গোস্বামীয়ে । সমগ্র দেশৰ 60 গৰাকী প্ৰতিযোগিক চেৰ পেলাই খিতাপ জয় কৰি আনিবলৈ সক্ষম হোৱা পায়েল অ’ছান গোস্বামী 2010 বৰ্ষৰ মিছেছ আচ্ছাম খিতাপৰো অধিকাৰী । 2010 বর্ষতে মিছেছ ষ্টাইলিছ আৰু মিছেছ কেটৱাৰ সন্মানো জিনিবলৈ সক্ষম হোৱা অসম জীয়াৰী পায়েল এগৰাকী ৰাষ্ট্ৰীয় খ্যাতিসম্পূণ ফেচন ডিজাইনাৰো । দেশীয় পৰ্যায়ত সফলতাৰ শীৰ্ষস্থানত আৰোহণ কৰাৰ পাছত পায়েল গোস্বামীয়ে এইবাৰ মন মেলিছে আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে তুলি ধৰিবলৈ । উল্লেখৰ প্ৰয়োজন যে গুৱাহাটীৰ বেলতলা নিবাসী পায়েল 29 মে’ত গুৰগাওঁত অনুষ্ঠিত I AM ME শীৰ্ষত মিছেছ ৰয়েল ইণ্ডিয়া INTERNATIONAL সৌন্দৰ্য্য প্ৰতিযোগিতা খনিত দিল্লীৰ নাজ যোশীৰ পৰিচালনাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।।।

About Staff Reporter

চাব পাৰে

অসমৰ বাহিৰত আৱদ্ধ লোকসকলৰ বাবে চৰকাৰৰ হেল্পলাইন নং

অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকক সহায়ৰ হাত মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ । দেশৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *