Thursday , April 25 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমৰ বিত্তীয় ক্ষেত্ৰত অচলাৱস্থা অহা নাই—পীযূষ হাজৰিকা

অসমৰ বিত্তীয় ক্ষেত্ৰত অচলাৱস্থা অহা নাই—পীযূষ হাজৰিকা

 

ষ্টাফৰিপৰ্টাৰ, ‘অসমৰ বিত্তীয় ক্ষেত্ৰত অচলাৱস্থা অহা নাই- এইখন চৰকাৰৰ দিনত ১৫ বছৰত নোহোৱা কাম হৈছে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। বিনামূলীয়া নামভৰ্তিৰে উপকৃত হৈছে বহু ছাত্ৰ-ছাত্ৰী। অটল অমৃত যোজনাৰে বহু লোক উপকৃত হোৱাৰ লগতে ১ লাখ মহিলা আত্মসহায়ক গোটে লাভ কৰিছে ২৫ হাজাৰ টকাকৈ। কংগ্ৰেছে আত্মসহায়ক গোটক দিছিল মাত্ৰ ৫ হাজাৰ টকাকৈ। বিধায়ক পুঁজি ১ কোটিৰ পৰা ২ কোটি হ’ল, আনটাইড ফাণ্ডো ৫০ লাখলৈ বৃদ্ধি হৈছে। MLA SIGNATURE SCHEMEত ১০কোটিকৈ দিয়া হৈছে বিধায়কক। অসামৰিক চিকিৎসালয়সমূহত চিটী স্কেনৰ ব্যৱস্থা হৈছে বুলিও সংবাদমেলত উল্লেখ মন্ত্ৰীগৰাকীৰ। জে এম চি এইছৰ শিশুৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় – “সমীপৰ চিকিৎসালয়বোৰ শক্তিশালী কৰিলে সমস্যাৰ সমাধান হ’ব। শিশুৰ মৃত্যুৰ হাৰ কমাবলৈ আমি অহৰহ চেষ্টা কৰিছো।”

About Staff Reporter

চাব পাৰে

ৰিপুণ বৰাৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২৪ এপ্ৰিল, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বুধবাৰে সংবাদমেলৰ আয়োজন কৰে।গুৱাহাটীৰ ৰাজীৱ …

Leave a Reply

Your email address will not be published. Required fields are marked *