Friday , April 3 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসমৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, শিল্পী নাৰায়ণ বেজবৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

অসমৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, শিল্পী নাৰায়ণ বেজবৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

অসমৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, শিল্পী নাৰায়ণ বেজবৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন।

পঙ্কজ নাথ, চাংসাৰি, ১৩ ফেব্ৰুৱাৰী :

উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডত সাহিত্যিক নাৰায়ণ বেজবৰুৱা স্মৃতি সজীৱ কৰাৰ উদ্দেশ্য কালি বুধবাৰে এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সাংবাদিক ধীৰেন্দ্ৰ চক্ৰৱৰ্তীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি নাৰায়ণ বেজবৰুৱাৰ কৰ্মৰাজিৰ ওপৰত এক সুন্দৰ আলোকপাত কৰে । চক্ৰবৰ্তীয়ে বৰ্তমান সময়ত অসমীয়া জাতিৰ বাবে নাৰয়ণ বেজবৰুৱাৰ দৰে তাৰ্কিক, সাহিত্যিক, নাট্যকাৰৰ প্ৰয়োজন আছে বুলি কয়। ইয়াৰ লগতে যদি নাৰায়ণ বেজবৰুৱাই কেবল সাহিত্য বা সামাজক নেতৃত্বত দিলে হয় তেওঁ নিশ্চিত ভাবে নবেল বঁটা বা ভাৰতৰ সৃষ্টি সাংসদ হিচাপে স্বীকৃতি লাভ কৰিলে হয়। ভাষণ প্ৰসংগত অসমীয়া জাতিৰ সম্বন্ধে জেষ্ঠ সাংবাদিক গৰাকীয়ে কয় যে ভাৰতৰ ভিতৰত অসমীয়া জাতি সুসংস্কৃাৰ সম্পন্ন শ্ৰেষ্ঠ জাতি। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে উত্তৰ গুৱাহাটীত জন্ম লাভ কৰা নাৰায়ণ বেজবৰুৱা দেৱ কৰ্মসূত্ৰে শ্বিলংত থাকিছিল যদিও উত্তৰ গুৱাহাটীৰ আউনীআটী কমলদেৱ হাইস্কুলত প্ৰায় ছবছৰ কাল শিক্ষকতা কৰিছিল । তেখেতে সংগীত, অভিনয়, বক্তৃতা, তৰ্ক, ক্ৰীড়াবিদ, শৰীৰচৰ্চা আদি বিষয়ৰ ওপৰত সুখ্যাতি অৰ্জন কৰে । সাহিত্য চৰ্চাৰ দিশত বিভিন্ন আলোচনী , কাকত আদিতো বিভিন্ন কবিতা প্ৰৱন্ধ আদি প্ৰকাশ হৈছিল । কালিৰ অনুষ্ঠানটোত বহু বিশিষ্ট সাহিত্যিক বুৰঞ্জীবিদ গ্ৰন্থকাৰ শিক্ষাবিদ আৰু লেখক লেখিকাই অংশগ্ৰহণ কৰি নিজ নিজ বক্তব্যৰে নাৰায়ণ বেজবৰুৱাৰ স্মৃতি সজীৱ কৰি তোলে বুলি জানিব পৰা গৈছে ।

About Staff Reporter

চাব পাৰে

ঘগ্ৰাপাৰত ১০০ জন দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ আমছুৰ

নলবাৰী জিলা সমিতি আমছু’ৰ অন্তৰ্গত গড় গড়ী শাখা সমিতি’আমছু’ৰ প্ৰসংগনীয় পদক্ষেপ। ————————————— নলবাৰী জিলাৰ ঘগ্ৰাপাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *