Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম আবকাৰী আইন সংশোধনী বিধেয়কত অনুমোদন কেবিনেটৰ

অসম আবকাৰী আইন সংশোধনী বিধেয়কত অনুমোদন কেবিনেটৰ

 

ষ্টাফৰিপৰ্টাৰ,১৯ নৱেম্বৰ : লালী গুৰ আৰু চুলাইৰ অবাধ বেহা নিয়ন্ত্ৰণৰ লগতে বিষাক্ত সুৰা সেৱনৰ ফলত সংঘটিত হৈ অহা অবাঞ্চিত ঘটনাসমূহ ৰোধ কৰাৰ লক্ষ্যৰে অসম আবকাৰী আইন সংশোধনী বিধেয়কত অনুমোদন জনাইছে কেবিনেটে। এই বিধেয়কখন এতিয়া বিধানসভাৰ আগন্তুক শীতকালীন অধিৱেশনত উত্থাপন কৰা হ’ব। এই সংশোধনী বিধেয়কখনৰ জৰিয়তে অসম আবকাৰী আইন ২০০০ৰ ধাৰা ২ (এইছ) আৰু ধাৰা ৮৪ (২) (ডি)ৰ সংশোধন ঘটোৱা হ’ব। লগতে ধাৰা ২ (আৰ) (আৰ) উক্ত আইনখনত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ’ব। এই সংশোধনীয়ে ৰাজ্যখনত আবকাৰী বিভাগটোক অধিক শক্তিশালী কৰি তোলাৰ লগতে প্ৰতিবছৰে ভিন্ন প্ৰান্তত বহু লোকৰ প্ৰাণ কাঢ়ি নিয়া চুলাই কাণ্ডসমূহো নাইকিয়া হৈ পৰিব বুলি আশা ব্যক্ত কৰিছে বিভাগটোৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। নতুন আইনখনৰ জৰিয়তে চুলাই প্ৰস্তুত কৰোতে ব্যৱহাৰ হোৱা লালী গুৰৰ উৎপাদন, বিতৰণ আৰু বিক্ৰীৰ লগতে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈ অহা চুলাইৰ ওপৰতো সংশোধনী আইনৰ জৰিয়তে প্ৰত্যক্ষ নিয়ন্ত্ৰণ সম্ভৱ হৈ উঠিব আৰু আবকাৰী ৰাজহৰ পৰিমাণো বৃদ্ধি কৰিব পৰা যাব। আইনখনৰ প্ৰয়োজনীয় এই সংশোধনীৰ বাবে মন্ত্ৰী শুক্লবৈদ্যই গ্ৰহণ কৰা পদক্ষেপক সচেতনমহলে আদৰণি জনাইছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *