Monday , August 26 2019
শেহতীয়া খবৰ
Home / মহানগৰ / অসম খাদী আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ চৌহদত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস

অসম খাদী আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ চৌহদত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস

 

ষ্টাফৰিপৰ্টাৰ, ১৩ আগষ্ট: দা ৰিজনেল আউটৰিচ্চ ব্যুৰৰ উদ্যোগত অসম খাদী আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ চৌহদত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ’ব। মঙলবাৰে অসম খাদী আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ সভাগৃহত অনুষ্ঠিত এখন সাংবাদমেল যোগে এই কথা সদৰী কৰে পি আই বিৰ উত্তৰ পূৰ্বৰ সঞ্চালক প্ৰধান এল আৰ বিশ্বনাথে। তেওঁ লগতে কয় ” দেশৰ স্বাধীনতা দিৱস আমি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালনৰ বাবে দিহা কৰিছোঁ। সেই অনুসৰি আজি সন্ধিয়া গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত যুদ্ধ স্মাৰকত স্বাধীনতা দিৱসৰ সজাগতামূলক প্ৰাক অনুষ্ঠানৰ আয়োজন কৰা হ’ব। লগতে “স্বাধীনতা সংগ্ৰামী” বিষয় লৈ এখন চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সেইদৰে ১৪ আগষ্টত অসম খাদী আৰু গ্ৰাম উদ্যোগ বৰ্ডৰ চৌহদত অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানত প্ৰবীণ গান্ধীবাদী6 নেত্ৰী, পদ্মশ্ৰী হেম ভৰালীৰ লগতে অন্যান্য মুক্তিযুদ্ধা উপস্থিত থাকিব। এই উপলক্ষে বৰ্ণাঢ্য সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । এই অনুষ্ঠানত কস্তুৰবা আশ্ৰমৰ সেৱিকা সকলেও অংশগ্ৰহণ কৰিব। ১৪ আগষ্টৰ পুৱা ৬ বজাত আদৰণি গীত, “বন্দে মাতৰম” পৰিবেশন কৰাৰ লগতে সত্ৰীয়া নৃত্য, বিহু, তিৱা নৃত্যৰ লগতে ৰাজস্থানৰ গুমৰ, দলবদলি আজি নৃত্য পৰিবেশন কৰা হ’ব। লগড়ে এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে য’ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ স্বাধীনতা সংগ্ৰামী সকলৰ অৱদান তথা ত্যাগৰ নিদৰ্শন প্ৰতিফলিত কৰা হ’ব। এই তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান হিচাপে ১৫ আগষ্টৰ পুৱা ৮ বজাত বৰ্ডৰ চৌহদত ত্ৰিৰংগা পতাকা উত্তোলন আৰু প্ৰভাৱ ফেৰী কৰা হ’ব। এই অনুষ্ঠান সকল কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ” সংবাদ মেলত অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীত নৰ্থ ইষ্ট মেডিকেল এক্সপো আৰম্ভ

  ষ্টাফৰিপৰ্টাৰ,,২৩ আগষ্ট ।। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে চিকিৎসা আৰু হাস্পতালৰ অন্যান্য …

Leave a Reply

Your email address will not be published. Required fields are marked *