Monday , June 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / অসম চুক্তি ভংগ কৰি বাংলাদেশীৰ বোজা জাপি দিলে কেতিয়াও গ্ৰহণ কৰা নহ’ব — ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

অসম চুক্তি ভংগ কৰি বাংলাদেশীৰ বোজা জাপি দিলে কেতিয়াও গ্ৰহণ কৰা নহ’ব — ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

 

ষ্টাফৰিপৰ্টাৰ, ৩ জানুৱাৰী, “নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমৰ ৰাইজক ক্ষান্ত কৰি ৰাখিবলৈয়ে চৰকাৰৰ এয়া কৌশলী চেষ্টা। চাৰে চাৰি বছৰে ৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে একো নকৰিলে। আসন সংৰক্ষণৰ বিষয়টো কোনো নতুন কথা নহয়। কিমানখন আসন সংৰক্ষণ হ’ব পূৰ্বৰ কমিটীত আলোচনা হৈছে। আমাক ফলাফলহে লাগিছিল, কিমান আসন সংৰক্ষণ কৰা হ’ব সেই কথা জনাব লাগিছিল। এই মন্তব্য আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। যিখন উচ্চ পৰ্যায়ৰ কমিটীৰ কথা কৈছে সেইখন কমিটী ইতিমধ্যে আছেই। চৰকাৰৰ গোটেই কথাটো চলনাময়ী, জনতাক আঁভুৱা ভাৰিবলৈ চেষ্টা কৰা হৈছে। এতিয়া সংসদলৈ পঠিয়াই সংবিধান সংশোধন কৰাৰ প্ৰক্ৰিয়াৰ কথা ক’ব লাগিছিল চৰকাৰে। অসম চুক্তি ৰূপায়ণৰ দায়িত্ব কেতিয়াও কমিটীৰ হ’ব নোৱাৰে, চুক্তি ৰূপায়ণৰ দায়িত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বুলিও মন্তব্য ভট্টাচাৰ্যৰ। চাৰে চাৰিবছৰ কাৰ্যকালত মাত্ৰ এবাৰহে ত্ৰিপাক্ষিক আলোচনা কৰিছে গৃহমন্ত্ৰী পৰ্যায়ত। আঢ়ৈ বছৰত এবাৰো মুখ্যমন্ত্ৰী সোণোৱালে অসম চুক্তি সন্দৰ্ভত আলোচনা কৰিবলৈ সময় নাপালে। অসম চুক্তি ৰূপায়ণত চৰকাৰৰ যে আন্তৰিকতা নাই এই কথাই প্ৰমাণ কৰে বুলিও মন্তব্য আছুৰ উপদেষ্টাগৰাকীৰ। অসম চুক্তি ভংগ কৰি বাংলাদেশীৰ বোজা জাপি দিলে কেতিয়াও গ্ৰহণ কৰা নহ’ব বুলিও ক’লে ভট্টাচাৰ্যই।

About Staff Reporter

চাব পাৰে

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

  ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ। টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে …

Leave a Reply

Your email address will not be published. Required fields are marked *