Tuesday , November 20 2018
Home / আঞ্চলিক / অসম জল পৰিবহণ সংশোধনী বিধেয়ক প্ৰস্তুত

অসম জল পৰিবহণ সংশোধনী বিধেয়ক প্ৰস্তুত

 

ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী-উত্তৰ গুৱাহাটীত চলাচল কৰিব ৩খন নতুন নাও। ধুবুৰী-হাটশিঙিমাৰীৰ মাজত ৰ’ৰ’ সেৱা ইতিমধ্যে আৰম্ভ হৈছে। ৰাজ্যত আৰম্ভ কৰা হ’ব দ্বিতীয়-তৃতীয় পৰ্যায়ৰ ৰ’ ৰ’ সেৱা। মাজুলী-কমলাবাৰীৰ মাজত দ্বিতীয় পৰ্যায়ৰ ৰ’ ৰ’ সেৱা আৰু তৃতীয় পৰ্যায়ৰ ৰ’ ৰ’ সেৱা চলিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত। যাত্ৰীৰ সুৰক্ষাৰ ওপৰত এতিয়া সৰ্বাধিক গুৰুত্ব জল পৰিবহণ বিভাগৰ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনালে এই কথা। আধুনিকীকৰণ কৰা হৈছে পুৰণি নাওসমূহ, দুবছৰত ১৫খন ষ্টীলৰ, কাঠৰ ৩খন নাও চলাচলৰ ব্যৱস্থা। ইয়াৰে ষ্টীলৰ ৪খন বৰাকত, এখন ষ্টীল আৰু ৩খন কাঠৰ নাও মাজুলীত চলাচল। বাকী ৰোৱা ১০খন নাও চলিত বৰ্ষত সম্পূৰ্ণ হৈ উঠিব। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনালে এই কথা। অসমৰ সকলো নৈত যন্ত্ৰচালিত ভটভটীৰ চলাচলত নিষেধাজ্ঞা। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাৰি কৰিলে নিৰ্দেশনা। ভটভটীত নাই ন্যূনতম জীৱন ৰক্ষাৰ ব্যৱস্থা, কোনো লাইফ জেকেটৰ ব্যৱস্থা নাই ভটভটীত। এটা যন্ত্ৰৰে চলা ভটভটীত দুটা যন্ত্ৰ থকা উচিত। পৰিবহণ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এই কথা। অসম জল পৰিবহণ সংশোধনী বিধেয়ক প্ৰস্তুত। আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ’ব খোচলা কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা বিধেয়কখন। ইয়াৰ জৰিয়তে গঠন কৰা হ’ব পৃথক স্বতন্ত্ৰ আয়োগ। লগতে পৃথক বন্দৰ, জাহাজ চলাচলৰ বাবেও প্ৰদান কৰা হ’ব অনুমতি। বিভাগীয় বিষয়াৰ সৈতে হোৱা বৈঠকৰ অন্তত সিদ্ধান্ত। অচিৰে ন ৰূপ পাব জল পৰিবহণ বিভাগে। বিশ্ব বেংকৰ সহযোগত ৰূপায়ণ কৰা হৈছে আঁচনি। যোৱা ডেৰ বছৰে ইয়াৰ বাবে কৰি থকা হৈছে কাম। আই এন আৰ ও এছ এল এ চি কে এন ই আৰ (INROS LACKNER) নামৰ প্ৰতিষ্ঠানটোক দিয়া হৈছে দায়িত্ব। জাৰ্মানীৰ প্ৰতিষ্ঠানটোৱে ইতিমধ্যে প্ৰস্তুত কৰিছে আৰ্হি। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনালে এই কথা। উত্তৰ গুৱাহাটী-গুৱাহাটী ফেৰী ঘাটত পুনৰ উত্তপ্ত পৰিস্থিতি।
ফেৰী চলাচল নকৰাত মাজগাঁও ফেৰীঘাটত ক্ষোভ যাত্ৰীৰ। উত্তৰ গুৱাহাটীবাসী আৰু কৰ্তৃপক্ষৰ মাজত বাকবিতণ্ডা। পুৱা ৭:৩০ বজাত গুৱাহাটীৰ পৰা যাবলগীয়া ফেৰী নচলাত ক্ষোভ। দীৰ্ঘসময় অপেক্ষা কৰি থাকিবলগীয়া হ’ল ফেৰীযাত্ৰী। জল পৰিবহণ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ফেৰীযাত্ৰীয়ে।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *