Saturday , January 25 2020
শেহতীয়া খবৰ
Home / মহানগৰ / অসম বন্ধ সফল কৰা সংগ্ৰামী ৰাইজলৈ বাঁ‌ও-গণতান্ত্ৰিক সংগঠনৰ অভিনন্দন

অসম বন্ধ সফল কৰা সংগ্ৰামী ৰাইজলৈ বাঁ‌ও-গণতান্ত্ৰিক সংগঠনৰ অভিনন্দন

 

ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : সংবিধান বিৰোধী, অসম বিৰোধী আৰু সাম্প্ৰদায়িক নাগৰিকত্ন (সংশোধনী) বিল বাতিলৰ দাবীত আহ্বান জনোৱা মঙলবাৰৰ অসম বন্ধৰ প্ৰতি ব্যাপক সঁ‌হাৰি আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে বাঁ‌ও-গণতান্ত্ৰিক সংগঠন সমূহৰ পক্ষৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জনাইছে। এক বিবৃতি যোগে বাঁ‌ও-গণতান্ত্ৰিক সংগঠনহৈ ৰিতুৰঞ্জন দাস কয়”ৰাইজৰ প্ৰবল প্ৰতিবাদ সত্ত্বেও বিজেপি চৰকাৰে ইতিমধ্যে লোক সভাত বিলখন পাছ কৰিছে আৰু ৰাজ্যসভাত পাছ কৰাৰ বাবে উঠি পৰি লাগিছে। আমি বাঁ‌ও-গণতান্ত্ৰিক সংগঠনসমূহে নাগৰিকত্ব (সংশোধনী) বিল বাতিল নোহোৱা পৰ্যন্ত ঐক্যবদ্ধ সংগ্ৰাম চলাই যাবলৈ আহ্বান জনাইছে। ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম নিঃশেষ কৰিবলৈ বিজেপি চৰকাৰ আৰু আৰ এছ এছে বিভিন্ন কূট-কৌশল আৰম্ভ কৰিছে। সাম্প্ৰদায়িক শক্তিয়ে যাতে ৰাজ্যখন শান্তি, সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈ থাকিবলৈও বাঁ‌ও-গণতান্ত্ৰিক সংগঠনসমূহে আহ্বান জনাইছে। এই আন্দোলন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়; এয়া বিজেপি চৰকাৰৰ বিভাজনবাদী, অসম বিৰোধী আৰু সাম্প্ৰদায়িক নীতিৰ বিৰুদ্ধেহে, এইদিশৰ প্ৰতি নজৰ দিবলৈ সকলো অংশৰ ৰাইজলৈ আহ্বান জনাইছোঁ।

About Staff Reporter

চাব পাৰে

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *