Sunday , April 5 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ

অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ

অসম সাহিত্য সভাৰ উদ্যোগত “তোৰে মোৰে আলোকৰে যাত্ৰা” শীৰ্ষক অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন।

পঙ্কজ নাথ, চাংসাৰি, ১৪ ফেব্ৰুৱাৰী :

অসম সাহিত্য সভা ৰামধেনু উপ-সমিতিৰ উদ্যোগত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত কালি ১২ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা “তোৰে মোৰে আলোকৰে যাত্ৰা” এক মনোৰম অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হৈ সুকলমে সম্পন্ন হৈ যায় । এই অনুস্থানৰ আহ্বায়ক কৰুণা কান্ত শৰ্মাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটিত বিগত বৰ্ষত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আৰু ৰাজ্যিক ভাৱে সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৯০ গৰাকী প্ৰতিভাধৰৰ সতে অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে মত- বিনিময় কৰাৰ লগতে সকলোকে আশীষ প্ৰদান কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক অৱনী মোহন চহৰীয়া উপস্থিত থাকি প্ৰতিভাধৰ সকলক উদ্দেশ্যি মননশীল বক্তব্য আগবঢ়ায়। অসম সাহিত্য সভা ৰামধেনু উপ-সমিতি ৰ কাৰ্যকৰী সভাপতি তথা জেষ্ঠ সাহিত্যিক পুতলী কায়স্থই আদৰণি ভাষণ আগবঢ়াই প্ৰতিভাধৰ সকলৰ বাবেই আজি অসম গৌৰাম্বিত বুলি বক্তব্য প্ৰদান কৰাৰ লগতে লক্ষ্যৰ সতে মনক সংযোগ কৰি আগবাঢ়ি যাবলৈ প্ৰতিভাধৰ সকলক অনুৰোধ জনায়। অনুষ্ঠানত সাংবাদিক কমল কুমাৰৰ সম্পাদনাত বিগত অসম সাহিত্য সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত প্ৰকাশিত “বৰ্ণিল ৰামধেনু” আলোচনীখনত যুৱ প্ৰজন্মৰ প্ৰায় এশ জন লেখক- লেখিকাক প্ৰাধান্য দি লেখা প্ৰকাশ কৰাৰ বাবে অনুষ্ঠানত উপস্থিত সকলো প্ৰতিভাধৰে অসম সাহিত্য সভাৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত ৰামধেনুৰ বিষয়ববীয়া কমল কুমাৰ, উৎপল কলিতাৰ লগতে আমন্ত্ৰিত অতিথি হিচাবে উপস্হিত থাকে জেষ্ঠ লেখক দেৱৰাজ কলিতা, বৰ্ণিল আলোচনীৰ মুখ্য সম্পাদক আইলুং লাহন বৰা। প্ৰতিভাধৰ শিৱাংগী শৰ্মা, চিন্ময়ী ৰাজখোৱা, ৰিচি বৰা, ভাৰ্গৱ কলিতা, জুৱেল কলিতা, কৃষ্টিনা ৰয়, পুজা ঘোষ, আচিকুৰ ৰহমান, কৃষ্ণমনি ডেকা, কমল কৃষ্ণ দাস, মামনি দাস, মনালিছা মুচাহাৰী, সুৰজ দাস, বেদাশ্ৰী কাশ্যপ, বৰ্ণালী দেৱী, ৰাজীৱ শৰ্মা, অংকুৰ জ্যোতি কলিতা, দীপাংকৰ কলিতা, মুন তালুকদাৰ, বিশাল জ্যোৰি বৰা, অপূৰ্ব জ্যোতি কুৰ্মী, অম্লান হাজৰিকা, আকাশদ্বীপ কছাৰী, আকাশ বৰা, মিজি ক্ৰ, বিস্মিতা লিখক, চুমন কুমাৰ পাণ্ডে, চেনজিয় পাণ্ডে, লাভলিনা বৰগোহাঁই, প্ৰয়াসী চুতীয়া, মনোজ কুমাৰ দাস,উৎপল হৰ্ষবধন, মণিকা শৰ্মা, ৰীয়াৰাণী দত্ত, ইনাক্ষী দাস, মৃগাক্ষী ভুঞা,ৰাজীৱ শৰ্মা দীপজ্যোতি বৰ্মণ, কুলদীপ পাটগিৰি, ৰিণি ডোলাকাষৰীয়া কুমাৰ, ৰক্তিম কাশ্যপ, বিসৃষ্টি কাশ্যপ, ডলী কুৰ্মী, চনদ্বীপ মালিক, তানিয়া বৰদলৈ, সোনেশ্বৰ বৰা, ৰ’দালী বৰুৱা, জুৰি দাস, ব্ৰিয়ান শৰ্মা আদি উপস্থিত থকা উক্ত অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট লেখক সঞ্জীৱ মহন্ত, চন্দ্ৰ প্ৰসাদ শইকীয়া, পুলকেশ ৰায় বৰুৱা, ৰাজ কমল কলিতা আদি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌস্তভ বৃদ্ধি কৰে। অনুষ্ঠানত প্ৰতিভাধৰ সকলক সম্বৰ্ধনা পত্ৰ, স্মাৰক, গ্ৰন্থ, অসম সাহিত্য সভাৰ ডায়েৰীৰ উপৰিও প্ৰতিভাধৰ সকলৰ অভিভাৱক সকলক বিশেষ সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰা হয় বুলি জানিব পৰা গৈছে ।

About Staff Reporter

চাব পাৰে

লায়ন্স ক্লাৱ গুৱাহাটীৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

  ষ্টাফৰিপৰ্টাৰ,,,,২ এপ্ৰিল।।।আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ …

Leave a Reply

Your email address will not be published. Required fields are marked *