Sunday , January 26 2020
শেহতীয়া খবৰ
Home / সাহিত্য / অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনত ২৮ খনকৈ গ্ৰন্থ উন্মোচন ৷ ** অসমীয়া ভাষা- সাহিত্যৰ প্ৰতি সচেতনতা বৃদ্ধিৰ আহ্বান লেখক সমাজৰ

অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনত ২৮ খনকৈ গ্ৰন্থ উন্মোচন ৷ ** অসমীয়া ভাষা- সাহিত্যৰ প্ৰতি সচেতনতা বৃদ্ধিৰ আহ্বান লেখক সমাজৰ

 

-ষ্টাফৰিপৰ্টাৰ, ১ ফেব্ৰুৱাৰী – অসম সাহিত্য সভাৰ ৰহা বিশেষ বাৰ্ষিক অধিবেশনত আজি অনুস্হিত হোৱা গ্ৰন্থ উন্মোচনী সভাত অসম সাহিত্য স্মৃতি গ্ৰন্থ সূৰ্যবতী উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি ড. হেমন্ত কুমাৰ বৰুৱাই ৷ অসম সাহিত্য সভাৰ ৰহা অধিবেশনৰ আদৰণী সমিতিয়ে ১৯৮০ চনৰ ৰহা অধিবেশনৰ স্মৃতি গ্ৰন্থ ৰহাৰ ৰহদৈ পুনঃমুদ্ৰণ কৰাৰ লগতেৰহাৰ ৰেঙনি আৰু প্ৰবন্ধ সুৰভী নামৰ গ্ৰন্থ কেইখন প্ৰকাশ কৰি উলিয়াই ৷ইয়াৰে ৰহাৰ ৰহদৈ উন্মোচন কৰে বিশিষ্ট সাহিত্যক ড° বসন্ত কুমাৰ গোস্বামী ; ৰহাৰ ৰেঙনি আৰু প্ৰবন্ধ সুৰভি উন্মোচন কৰে বিশিষ্ট সাহিত্যক ড°বিনয় কুমাৰ বৰদলৈ আৰু ড° ধৰনীধৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আতধৰা গ্ৰন্থ উন্মোচনী অনুস্হানত ভিতালী দাসৰ শব্দৰ আপাহতে; অংশুমান গোস্বামীৰ কলা সম্ভাৰ ; উত্তম চন্দ্ৰ শৰ্মাৰ দেবৰু দেৱ মহাদেব ; নিৰুপমা গোস্বামীৰ কাণ্ডৰী ; সুনীল কুমাৰ গোস্বামীৰ কথাগীতা ; থুনু কলিতাৰ প্ৰসংগ বিবিধ ; মনোৰমা ভূঞাৰ পুৰানৰ পৰা বুৰঞ্জীলৈ সৰ্বমুঠ ২৮খনকৈ গ্ৰন্থ উন্মোচন কৰে ৷অনুস্হানত উপস্থিত থাকে বিশিষ্ট বৈজ্ঞানিক তথা উত্তৰ আমেৰিকা শাখা সাহিত্য সভাৰ সভাপতি ড° বিনয় কুমাৰ বৰদলৈ ; বাংলা সাহিত্যিক লেখক ড° সৌমেন ভাৰাতীয়া ; বিশিষ্ট সাহিত্যক ৰোহিণী কুমাৰ শৰ্মা ; বিশিষ্ট সাহিত্যিক নতুন দিল্লীৰ ড° মলয়া খাউণ্ড ; সাহিত্যিক ৰতিমোহন নাথ ; ড° নৰেন কলিতা ; ড° খৰ্গেশ্বৰ ভূঞা ; ড° জয়শ্ৰী গোস্বামী মহন্তৰ লগতে অসমৰ বিশিষ্ট সাহিত্যিক সকল উপস্থিত থাকে ৷ইয়াৰ পিছতে ড° প্ৰফুল্লদত্ত গোস্বামীৰ সোৱঁৰণি জাতীয় বৌদ্ধিক সন্মিলন অনুস্হিত হয় ৷অন্যহাতে অধিবেশনৰ আজি দিনৰ ২ বজাৰ পৰা ড° প্ৰফুল্লদত্ত গোস্বামী সোৱঁৰণি জাতীয় বৌদ্ধিক সন্মিলন অনুস্হিত হয় ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ সৌজন্যত অনুস্হিত হোৱা সন্মিলন খনি উদ্বোধন কৰে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ আচাৰ্য মঃ মহববুল হকে ৷ অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুস্হিত হোৱা সন্মিলন খনিৰ আদৰণি ভাষন দিয়ে জাতীয় বৌদ্ধক কোষ সন্মিলন ৰ কাৰ্যকৰী সভাপতি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ সঞ্চালক ড° বলেন্দ্ৰ কুমাৰ দাসে ৷ ড° দাসে তেওঁৰ ভাষন প্ৰসংগত ব্যক্তিগত বিদ্যালয় সমূহত মাতৃভাষা প্ৰয়োগৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ৷ বৰ্তমান ব্যক্তিগত বিদ্যালয়ৰ সমূহত মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাক অধিক গুৰুত্ব প্ৰদান কৰা মাতৃভাষা প্ৰতি ছাত্ৰ ছাত্ৰী সকলৰ অনিহা অহাৰ পৰিলক্ষিত হৈছে বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৷ এই ক্ষেত্ৰত বিদ্যালয়ৰ বিশ্ববিদ্যালয় সমূহত মাতৃভাষা প্ৰয়োগৰ বাবে কেবাটাও সিদ্ধান্ত লয় ৷সন্মিলন খনত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ চন্দ্ৰ গোস্বামী; বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ উপাচাৰ্য ড° প্ৰদুৎ কুমাৰ গোস্বামী ; খিলঞ্জীয়া জনজাতিয় সাহিত্য সভা অসমৰ প্ৰধান সম্পাদক কমলাকান্ত মুছাহাৰী ; আনন্দৰাম বৰুৱা ভাষা- কলা আৰু সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালক ড° দিলীপ কলিতা ; বিশিষ্ট লেখিকা সাহিত্যক ড° জয়শ্ৰী গোস্বামী মহন্ত ; প্ৰাগযোতিষ মহাবিদ্যালয় ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্ত বিভিন্ন শিক্ষাসদী সংগঠনৰ সভাপতি সকলৰ লগতে বহু কেইগৰাকী লেখক সাহিত্যিক উপস্থিত থাকে ৷ইয়াৰ লগতে আজি কুঁহি অনুষ্ঠানত উপস্থিত থাকি ইলিয়াছ আলি-অসম সাহিত্য সভা অসমীয়াৰ হিয়াৰ আমঠু।এই সাহিত্য সভাক জীয়াই ৰাখিব লাগিব।বৰ্তমান অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।অসমৰ সকলো জাতি জনগোষ্ঠী মিলি অসমীয়া হৈ জীয়াই থাকিবলৈ আমি মাৰবান্ধি থিয় দিব লাগিব।ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ হৈ কাম কৰা লোকসকলক অনুপ্ৰাণিত কৰাৰ বাবে অসম সাহিত্য সভাই যি প্ৰচেষ্টা হাতত লৈছে সেইয়া প্ৰশংসনীয়।অন্যহাতে উপস্থিত থাকি উদ্ধৱ ভড়ালী-আমি অসমীয়া ভাষাক লৈ সপোন দেখো।অসমীয়া জাতি-ভাষা বৰ্তমান জটিল সন্ধিক্ষনত।এনে সময়ত সাহিত্য সভাই অগ্ৰণখ ভূমিকা লব বুলি আমি আশাবাদী। অন্যহাতে আজি অনুষ্ঠানত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে-মই প্ৰকৃতিৰ হৈ কাম কৰি আহিছো।সকলো প্ৰকৃতিৰে অৱদান।অসমীয়া ভাষা-সংস্কৃতি বৰ্তমান দুখলগা অৱস্থা হৈছে।অসম সাহিত্য সভাৰ গধুৰ দায়িত্ব আছে।অসমীয়া ভাষা প্ৰাথমিক বিদ্যালয়ত বাধ্যতামূলক কৰিব লাগে।আমি বহি:ৰাজ্য অথবা বহি:ৰাষ্ট্ৰলৈ গ’লেও নিজৰ স্বকীয়তা নেহৰুৱাই অসমীয়াত সম্বোধন কৰি জাতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিব লাগে বুলি মন্তব্য কৰে।

About Staff Reporter

চাব পাৰে

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন …

Leave a Reply

Your email address will not be published. Required fields are marked *