Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত সোণালী বান্দৰৰ পোৱালি জন্ম

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত সোণালী বান্দৰৰ পোৱালি জন্ম

 

ষ্টাফৰিপোৰ্টাৰ, ২৬ মাৰ্চ :: অসমবাসীৰ বাবে এটি সুখৱৰ এই যে যোৱানিশা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত সম্প্ৰতি স্থাপিত প্ৰজনন কেন্দ্ৰত এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্ম হয়।
সোণালী বান্দৰ বৰ্তমান বিপন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী । সেয়ে বনবিভাগে যোৱা কেইবছৰমান ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰজনন কেন্দ্ৰ স্থাপন কৰি সোণালী বান্দৰৰ বংশ বৃদ্ধিৰ চেষ্টা চলাই আহিছিল যদিও সফল হোৱা নাছিল । বহুবছৰৰ মূৰত যোৱাবছৰ এটি মাইকী পোৱালি আৰু এইবাৰ যোৱানিশা এটি মতা সোণালী বান্দৰৰ পোৱালিৰ জন্মেৰে এই বিপদাপন্ন প্ৰজাতিটোৰ বংশবৃদ্ধিৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক চিৰিয়াখানা ।
এই সুখৱৰটো জনাইছে চিৰিয়াখানাৰ ডি.এফ.অ. তেজস মৰিস্বামী আৰু ৰেঞ্জাৰ ৰবীন বৈশ্যই ।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *