Tuesday , February 19 2019
Home / চিত্ৰ-সংবাদ / অস্কাৰৰ দৌৰত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি

অস্কাৰৰ দৌৰত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি

ষ্টাফৰিপোৰ্টাৰ: অস্কাৰৰ দৌৰত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি। ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ’ ছবিখনে অস্কাৰৰ মনোনয়নৰ বাবে ভাৰতীয় ছবি হিচাপে বিদেশী ছবিৰ শিতানত অফিচিয়েল এণ্ট্ৰি লাভ কৰিছে। ফিল্ম ফেডাৰেচন অৱ ইণ্ডিয়াই শনিবাৰে মুম্বাইত এই ঘোষণা কৰে। কানাড়া চলচ্চিত্ৰ নিৰ্মাতা কে ৰাজেন্দ্ৰ বাবুৰ নেতৃত্বত গঠিত জুৰি মণ্ডলীয়ে, ভাৰতৰ পৰা অস্কাৰৰ অফিচিয়েল এণ্ট্ৰি পাবলৈ প্ৰতিদ্বন্দিতা কৰা মুঠ ২৭ খন ভাৰতীয় ছবিৰ মাজৰ পৰা ‘ভিলেজ ৰকষ্টাৰ’ ছবিখনক ভাৰতৰ অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত কৰে। শনিবাৰে মুম্বাইত জুৰি চেয়াৰমেন কে ৰাজেন্দ্ৰ বাবুৱে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে। বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা অন্যান্য ছবিৰ সৈতে এতিয়া ৰীমা দাসৰ এই ছবিখনে বিদেশী ছবিৰ শিতানত অস্কাৰৰ মনোনয়ন পাবৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ বাবে লাগিব ছবিখনৰ বিশ্বস্তৰৰ উচ্চমানৰ প্ৰম’চন। কিছুসময় পূৰ্বে ৰীমা দাসৰ সৈতে ফোনত বাৰ্তালাপ হওঁতে তেওঁক অভিনন্দন জনোৱাৰ লগতে এই  প্ৰম’চনৰ সন্দৰ্ভতো আলাপ কৰো। ২৮ ছেপ্টেম্বৰত ছবিখন অসমত মুক্তি পোৱাৰ ঠিক প্ৰাকমুহুৰ্তত বিশ্ব চলচ্চিত্ৰৰ সৰব্বোচ্চ বঁটা অস্কাৰৰ মনোনয়নৰ বাবে অফিচিয়েল এণ্ট্ৰি লাভ কৰাটো ছবিখনৰ বাবে এক বিশেষ সফলতা বুলি ক’ব লাগিব। উল্লেখযোগ্য অহা বছৰৰ জানুৱাৰী মাহত একাডেমী এৱাৰ্ডৰ মনোনয়নসমূহ ঘোষণা কৰা হ’ব।  ভাৰতৰ যি ২৭ খন ছবিৰ মাজৰ পৰা ‘ভিলেজ ৰকষ্টাৰ’ ছবিখনে অস্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি পাইছে সেই ছবিসমূহৰ তালিকাতখন ইয়াত দিয়া হৈছে।

About Staff Reporter

চাব পাৰে

বিশিষ্ট অভিনেতা জ্ঞানদা বৰাৰ দেহাৱসান

  ষ্টাফৰিপৰ্টাৰ,৩ ফেব্ৰুৱাৰী, বিশিষ্ট অভিনেতা জ্ঞানদা বৰাৰ দেওবাৰে দেহাৱসান। নগাঁৱৰ জি ডি নাৰ্ছিং হোমত আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *