Monday , June 17 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / অস্কাৰৰ দৌৰৰ পৰা আঁতৰিল ‘ভিলেজ ৰকষ্টাৰ্ছ’

অস্কাৰৰ দৌৰৰ পৰা আঁতৰিল ‘ভিলেজ ৰকষ্টাৰ্ছ’

 

ষ্টাফৰিপৰ্টাৰ, ১৮ ডিচেম্বৰ, অস্কাৰৰ দৌৰৰ পৰা আঁতৰিল ৰীমা দাসৰ চলচ্চিত্ৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’। তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই অৱশেষত অস্কাৰৰ দৌৰত থমকিল একাডেমী এৱাৰ্ডত ভাৰতক প্ৰতিনিধিত্ব কৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’। শ্ৰেষ্ঠ ৯খন ছবি নিৰ্বাচন কৰিলে অস্কাৰৰ নিৰ্বাচক মণ্ডলীয়ে। ৯১সংখ্যক অস্কাৰৰ শীৰ্ষ ৯খন চলচিত্ৰৰ তালিকাত অন্তৰ্ভূক্ত নহ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’।
বিশ্বৰ বিভিন্ন দেশৰ ৮৭খন ছবিৰ পৰা ৯খনক বাছনি। ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ লগতে অস্কাৰৰ প্ৰতিযোগিতাৰ পৰা বাদ পৰিল আদিল হুছেইন অভিনীত ‘হুৱাট উইল পিপল ছে’ ছবিখন। ন’ৰৱেৰ অফিচিয়েল এন্ট্রী আছিল আদিল হুছেইন অভিনীত ছবিখন। ২০১৮ বৰ্ষৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা একমাত্ৰ চলচিত্ৰ হিচাপে অস্কাৰলৈ মনোনীত হৈছিল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’। অস্কাৰ জিনিব নোৱাৰিলেও ‘ভিলেজ ৰকষ্টাৰ্ছে’ সমগ্ৰ বিশ্ববাসীৰ আগত জিলিকাবলৈ সক্ষম হ’ল অসমৰ নাম।

” আজি আমাৰ অস্কাৰমুখী যাত্ৰাৰ যৱনিকা পৰিল। কিন্তু এই যাত্ৰা আছিল গভীৰ আশা আৰু প্ৰত্যাশাৰ। এই মন্তব্য ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পৰিচালক ৰীমা দাসৰ। আজি অস্কাৰৰ দৌৰত ‘ভিলেজ ৰকষ্টাৰ্ছ’ থমকি ৰোৱাৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰীমা দাসে এই আশাৰ যাত্ৰাত সহায়-সহযোগিতা কৰা সকলো পক্ষলৈ ধন্যবাদ জনাই কয় “আমি আমাৰ সপোন আৰু বিশ্বাস সজীৱ কৰি ৰাখিম। টৰণ্ট’ৰ পৰা পেৰিছ, কাইৰোৰ পৰা লছ এঞ্জেলছলৈ ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ যাত্ৰা তথা প্ৰতিখন মঞ্চ, প্ৰতিটো দৰ্শনী আৰু প্ৰতিখন চহৰত দৰ্শকে প্ৰদৰ্শন কৰা আগ্ৰহ আৰু সঁহাৰি আমাৰ বাবে আছিল সপোনৰো অগোচৰ। এই উষ্ম আদৰণি অবিহনে ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ বিশ্বযাত্ৰা সফল নহ’লহেতেন বুলি ব্যক্ত কৰি ৰীমা দাসে সকলো পক্ষকে কৃতজ্ঞতা জ্ঞাপন কৰে।”

About Staff Reporter

চাব পাৰে

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য। পঙ্কজ নাথ, চাংসাৰি, …

Leave a Reply

Your email address will not be published. Required fields are marked *