Friday , October 18 2019
শেহতীয়া খবৰ
Home / সাহিত্য / অৰুণা ৰবিকুমাৰৰ প্রথমখন গ্ৰন্থ ‘মাৰ’ডাৰ্স অৱ হ’পৰ উমোচনী অনুষ্ঠান

অৰুণা ৰবিকুমাৰৰ প্রথমখন গ্ৰন্থ ‘মাৰ’ডাৰ্স অৱ হ’পৰ উমোচনী অনুষ্ঠান

ষ্টাফ ৰিপোৰ্টাৰ,,,১৯ ছেপ্টেম্বৰ।।।। বিগত দুটা দশক জুৰি দেশত বহু-তৰপীয়া হোৱা বিপণন প্ৰচলিত হৈ আছে আৰু ইয়াৰ দ্বাৰা সহজ-সৰল লোকসকলক প্ৰতাৰণা কৰি আয়ৰ সহজ উৎস প্ৰদানৰ নামত এনে আঁচনিসমূহত বিত্তীয় কেলেংকাৰী হোৱা পৰিলক্ষিত হ’য়। সেয়ে এনেবোৰ প্ৰতাৰণা পৰা বিশ্বৰ সকলো লোকক মুক্ত কৰাৰ উদ্দেশ্যে হাইদৰাবাদ নিবাসী লেখিকা অৰুণা ৰবিকুমাৰে লিখি উলিয়াইছে”মাৰ’ডাৰ্ষ অৱ হ’প” শীৰ্ষক গ্ৰন্থ খন। বৃহস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উক্ত গ্ৰন্থখন উন্মোচন কৰা হ’য়। এই গ্ৰন্থখনত বহু তৰপীয়া বিপণন কেলেংকাৰী আৰু সন্দেহ জনক বহুৰাষ্ট্রীয় কোম্পানী সমূহৰ ক্ষয় জনক বিকাশ বন্ধ কৰিবলৈ যথোপযুক্ত ব্যৱস্থাৰ কথাও উল্লেখ কৰা হৈছে। তাৰোপৰি ইয়াত ৰাজনৈতিক সমৰ্থন আৰু অশুভ শক্তিক প্ৰতিৰোধ কৰিবলৈ বিভিন্ন নিয়ন্ত্ৰক আৰু বলবৎকাৰী কৰ্তৃপক্ষ সমূহৰো কথা উল্লেখ কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰি লেখিকা গৰাকীয়ে কয়”- ব্যক্তি, পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰক লোভৰ বেদীত বলি দিবলগীয়া ভেড়া হিচাপে বিপথে পৰিচালিত কৰা কিছু সংখ্যক হত্যাকাৰী লোভৰ দ্বাৰা সৃষ্ট ভুক্তভোগীৰ হৃদয় বিদাৰক কাহিনী আৰু দুৰ্দশাৰ কাহিনীয়ে মোৰ মনত থকা সাংবাদিক জনক চুই গৈছিল আৰু তাৰে ফলস্বৰূপে কেইবামাহজোৰা গৱেষণা আৰু প্ৰচেষ্টাৰ অন্তত প্ৰতাৰণা ব্যৱসায়ীৰ মুখ খোল খাইছিল। মই আশা কৰো যাতে এই গ্ৰন্থখনৰ জড়িয়তে পাঠক সকলে তেওঁলোকৰ চিন্তাৰ দুৱাৰ খুলিবলৈ অনুপ্ৰেৰণা পাই আৰু যাতে মোৰ এই প্ৰচেষ্টা সফল হয়”।উল্লেখযোগ্য যে,ছপা, বৈদ্যুতিক মাধ্যমৰ সাংবাদিক হিচাপে লাভ কৰা বিশাল অভিজ্ঞতাৰ জড়িয়তে অৰুণা ৰবিকুমাৰে অৰ্থনৈতিক অপৰাধ ৰোধৰ ক্ষেত্ৰত প্ৰণালী গত ব্যৰ্থতাৰ কথা তুলি ধৰিছে যি অপৰাধে গৰিষ্ঠ সংখ্যক লোকৰ সামাজিক, অৰ্থনৈতিক সুস্থিৰতা ধংস কৰি অলপ লোককহে লাভাম্বিত কৰিছে। ক্ৰছৱৰ্ড বুকষ্ট’ৰছৰ প্ৰকাশনৰ প্ৰচেষ্টা দ্য ৰাইট প্লেচ’ৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনৰ মূল্য ২৯৯ টকা ধার্য কৰা হৈছে আৰু ক্ৰছৱৰ্ক আৰু এমাজন ইণ্ডিয়াত এই গ্ৰন্থখন উপলব্ধ হ’ব।

About Staff Reporter

চাব পাৰে

গীত মাত কবিতা আৰু গ্ৰন্থ উন্মোচনৰে মুখৰিত হ’ল অসম সাহিত্য সভা ভৱন

  ষ্টাফৰিপৰ্টাৰ, ২৭ জুলাই : গুৱাহাটী: সাংস্কৃতিক মহাসভা অসমৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ উদ্যোগত …

Leave a Reply

Your email address will not be published. Required fields are marked *