Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / আইন উলংঘা! সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ বাতিলৰ নিৰ্দেশ আবকাৰী বিভাগৰ

আইন উলংঘা! সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ বাতিলৰ নিৰ্দেশ আবকাৰী বিভাগৰ

 

ষ্টাফৰিপোৰ্টাৰ, ১৮ জানুৱাৰীঃ নতুন বছৰটোৰ আৰম্ভণিৰে পৰা ক্ৰমাৎ অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ আবকাৰী বিভাগ। এই অনুযায়ী আইন উলংঘা কৰাৰ অভিযোগত বাতিল কৰা হৈছে চৰাইদেউ জিলাৰ এখন সুৰা বিপণীৰ অনুজ্ঞা-পত্ৰ। এক নিৰ্দেশনাযোগে আবকাৰী আয়ুক্তলায়ৰ অতিৰিক্ত আয়ুক্তই চৰাইদেউ জিলাৰ উপায়ুক্তক সুৰাৰ বিপণীখন বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

অনুজ্ঞা-পত্ৰ বাতিল কৰা হোৱা সুৰাৰ বিপণীখন হৈছে সোণাৰিৰ নামতোলা পথত থকা আৰ কে ৱাইন শ্বপ। অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায়ত জড়িত থকা সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা সত্বেও নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনোধৰণৰ প্ৰত্যুত্তৰ নিদিয়াৰ পৰিপ্ৰেক্ষিততে সুৰাৰ বিপণীখনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে নিৰ্দেশনাটোত।

উল্লেখ্য যে, যোৱা ৭ জানুৱাৰীত সোণাৰি আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে অভিযান চলাই অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত নম্বৰ প্লেটবিহীন এখন অটো ভেনৰ পৰা ৩০ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰিবলৈ সমৰ্থ হৈছিল। পিছত অটো চালকজনক সোধ-পোছ কৰাত আৰক্ষীয়ে জব্দকৃত অৰুণাচলী সুৰাখিনি অবৈধভাৱে আৰ কে ৱাইন শ্বপৰ পৰা নাগালেণ্ডলৈ যোগান ধৰাৰ বাবে নিয়া হৈছিল বুলি জানিব পৰা যায়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে উক্ত ৱাইন শ্বপখনৰ লগতে স্বত্বাধিকাৰী ৰাজ কুমাৰ আগৰৱালাৰ বাসগৃহৰ পৰাও বৃহৎ পৰিমামৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে অবৈধ সুৰা ব্যৱসায় সম্পৰ্কে বহু তথ্য পোহৰলৈ আনিবলৈ সমৰ্থ হয়। লগে লগে ৱাইন শ্বপখন ছীল কৰাৰ লগতে আবকাৰী আইন উলংঘা কৰি এনেদৰে অবৈধ বেহা চলাই অহা ৰাজ কুমাৰ আগৰৱালাক বিভাগৰ তৰফৰ পৰা কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হয়।

কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো উক্ত জাননীৰ কোনো সঠিক উত্তৰ দিব নোৱাৰিলে অবৈধ সুৰা ব্যৱসায়ত জড়িত আৰ কে ৱাইনশ্বপৰ স্বতাধিকাৰীজনে। সেয়ে তৎকালে কাৰ্যকৰী হোৱাকৈ উক্ত ৱাইন শ্বপখনৰ অনুজ্ঞা-পত্ৰ বাতিলৰ নিৰ্দেশ প্ৰদান কৰে আবকাৰী বিভাগে। আবকাৰী বিভাগৰ এই নিৰ্দেশক আদৰণি জনাইছে সদৌ অসম আৱকাৰি বিপনীৰ স্বত্বাধিকাৰী সন্থাৰ সভাপতি আৰু সচিব প্ৰধান ক্ৰমে সুশান্ত কুমাৰ ৰয় আৰু অলক দত্তৰ লগতে একাধিক দল সংগঠনে ৷ ।

আনহাতে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো এই সিদ্ধান্তক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আবকাৰী আইন উলংঘা কৰা কোনো ব্যক্তিৰ বিৰুদ্ধে দয়া প্ৰদৰ্শন নকৰিবলৈ বিষয়াসকলক সকীয়াই দিছে। লগতে অনাগত দিনত বিভাগটোৰ সমূহ কৰ্মচাৰীক অধিক কঠোৰ হ’বলৈকো নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ অন্যথাই বিষয়া তথা কৰ্মচাৰীসকলে জবাবদিহি হ’ব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *