Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / আই টি চি ফুডছৰ বি নেচাৰেল ৰেঞ্জৰ পানীয় মুকলি

আই টি চি ফুডছৰ বি নেচাৰেল ৰেঞ্জৰ পানীয় মুকলি

ষ্টাফ ৰিপোৰ্টাৰ,,১০ মে’: ,আই টি চি ফুডছ শাখাই শুকুৰবাৰে মুকলি কৰিলে ইয়াৰ বি নেচাৰেল ৰেঞ্জৰ আন এক প্ৰকাৰৰ পানীয়। এই পানীয় হ’ল পেট বটলত আগবঢ়োৱা সংযোজিত সংৰক্ষক দ্ৰব্য নথকা দেশৰ প্ৰথমটো প্ৰিমিয়াম পেকেজড ফল- মূলৰ পানীয়। আজি মুকলি হোৱা ৰেঞ্জত আছে হিমালয়ান মিক্সড ফ্ৰুইট, ৰত্নাগিৰি এলফ’ন্স” আৰু দক্ষিণ পিংক গোৱাভা এই তিনিটা ফল-মূলৰ পানীয়ৰ প্ৰকাৰ। শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেলযোগে এই পানীয় অনুষ্ঠানিকভাৱে মুকলি কৰে আই টি চি লিমিটেডৰ দুগ্ধ আৰু পানীয় বিভাগৰ মুখ্য পৰিচালন বিষয়া সঞ্জয় সিংগলে। মুকলি অনুষ্ঠানত
তেওঁ কয়” এই সামগ্ৰীৰ ৰেঞ্জ হৈছে সম্পূৰ্ণ অনন্য আৰু সম্প্ৰতি সহজলভ্য পানীয়ৰ তুলনাত সম্পূৰ্ণ পৃথক। বি নেচাৰেলৰ নীতি অনুসৰি আমি আজি ভাৰতৰ শ্রেষ্ঠ মানৰ প্ৰিমিয়াম ফল- মূলেৰে প্ৰস্তুত কৰা ফলৰ পানীয়ৰ এক ৰেঞ্জ মুকলি কৰিছোঁ, যিয়ে নিশ্চিত কৰে যে,এই পানীয় কোনোধৰণৰ সংযোজিত সংৰক্ষণ ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা হৈছে আৰু আমাৰ সমগ্ৰ ৰেঞ্জ ভাৰতীয় কৃষকৰ দ্বাৰা উৎপাদিত ১০০% ভাৰতৰ ফল-মূলেৰে প্রস্তুত হয়”। উল্লেখযোগ্য যে, হিমালয়ান মিক্সড ফ্ৰুইটৰ ৭৫০ এম এল আৰু ৩০০ এম বটল উপলব্ধ হ’ব ৯৯ আৰু ৪০ টকাত আনহাতে, ৰত্নাগিৰি এলফ’ন্স’ৰ ৭৫০ এম এল আৰু ৩০০ এম এল বটল উপলব্ধ হ’ব ১১০ আৰু ৪৫ টকা আৰু দক্ষিণ পিংক গোৱাভাৰ ৭৫০ এম এল আৰু ৩০০ এম এল বটল উপলব্ধ হ’ব ৯৯ আৰু ৪০ টকাত

About Staff Reporter

চাব পাৰে

ট্ৰেক এণ্ড টেলৰ ‘ইণ্টেলিপ্লে এক্সট্ৰিম” এপ মুকলি

  ষ্টাফৰিপৰ্টাৰ: ১৯ আগষ্ট : ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি …

Leave a Reply

Your email address will not be published. Required fields are marked *