Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / আজিৰে পৰা ডিমাকুছিত ওদালগুৰি জিলা সাহিত্য সভাৰ কুঁহি আৰু আকাশ অনুষ্ঠানৰ লগতে মহিলা-শিশু সন্মিলন

আজিৰে পৰা ডিমাকুছিত ওদালগুৰি জিলা সাহিত্য সভাৰ কুঁহি আৰু আকাশ অনুষ্ঠানৰ লগতে মহিলা-শিশু সন্মিলন

ডিমাকুছি:২৩ মাৰ্চ

_____________
ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত তথা ডিমাকুছি,বামুনজুলি,গৰুৱাঝাৰ,কালিখলা শাখা সমিতিৰ সহযোগত আজিৰে পৰা বৰঙাজুলি সত্ৰত আৰম্ভ হৈছে কুঁহি আৰু আকাশ অনুষ্ঠান,মহিলা শিশু সন্মিলন ৷ কাৰ্যসূচী অনুসৰি আজি ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰে ভকত শিৰোমণি সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তই ৷ ৯ বজাত অসম সাহিত্য সভাৰ এশ দুবছৰীয়া কাৰ্যকাল উপলক্ষে ১০২ খন পতাকা উত্তোলন কৰা হ’য় ৷ পতাকা উত্তোলন কাৰ্যসুচীত অংশগ্ৰহণ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটা ৷ ১০বজাত স্মৃতি তৰ্পন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ উপসভাপতি গৌৰীশংকৰ দাসে ৷ ১১ বজাৰ পৰা শিশু অনুষ্ঠান “কুঁহি” অনুষ্ঠানত কবিতা আবৃতি , আধুনিক গীত , আৰু লোকনৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ লোকনৃত্য প্ৰতিযোগিতা উদ্ধোধন কৰে অনাতাঁৰ শিল্পী তুলিকা বড়াই ৷ দিনৰ ৩ বজাত আৰম্ভ হয় মহিলাৰ অনুষ্ঠান “আকাশ” । আকাশ অনুষ্ঠান উদ্ধোধন কৰে সাংস্কৃতিক কৰ্মী তৰুন আজাদ ডেকাই ৷ আজি অনুষ্ঠিত কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে । ২৪ মাৰ্চ অৰ্থাৎ কাইলৈ অন্তিম দিনৰ কাৰ্যসুচীত ৰাতিপুৱা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু ১০বজাত সাংস্কৃতিক সন্মিলন উদ্ধোধন কৰিব ছাগলীঝাৰ প্ৰাঃবিঃ প্ৰধান শিক্ষয়িত্ৰী কল্পনা শৰ্মাই ৷ দিনৰ ১বজাত মুকলি সভাত সভাপতিত্ব কৰিব জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাই আৰু সভা উদ্ধোধন কৰিব অসম সাহিত্য সভা আকাশ উপসমিতিৰ আহ্বায়িকা জেউতি হাজৰিকাই ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে বিধায়িকা কমলী বসুমতাৰী,কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ ডঃ ৰুনুমী দত্ত, তথা সন্মানীয় অতিথিত বিটিচি পৰিষদৰ উপাধ্যক্ষ নেৰছন বড়ো উপস্থিত থাকিব৷ কাৰ্যসুচীত ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাই ৷
______________
ডিমাকুছি ৰ পৰা ,
পিংকু কলিতা

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *