Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / আজিৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ উদ্যোগত ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা

আজিৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ উদ্যোগত ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা

 

ষ্টাফ ৰিপোৰ্টাৰ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ উদ্যোগত ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰ লৈ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা হৈছে। এই বছৰৰ গ্ৰন্থমেলাখন সাহিত্যিক চৈয়দ আব্দুল মালিক, ভবানন্দ দত্ত আৰু ডo প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম শতবাৰ্ষিকীৰ সোঁৱৰণত উচৰ্গা কৰা হৈছে আৰু গ্ৰন্থমেলাৰ মূল মঞ্চখন বিশিষ্ট সমাজকৰ্মী খনিন্দ্ৰ চন্দ্ৰ দাসৰ সোঁৱৰণত আগবঢ়োৱাৰ লগতে গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহটো বিশিষ্ট পৰিচালক মুনিন বৰুৱা, বিশিষ্ট অভিনেতা বিজু ফুকন আৰু বাদল দাসৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে তথা গ্ৰন্থমেলাৰ সভাঘৰ নামাকৰণ কৰা হৈছে চেতনা আলোচনীৰ শতবাৰ্ষিকী উপলক্ষে চেতনা সভাঘৰ নামেৰে। বৃহস্পতি বাৰে চানমাৰি অভিযান্ত্ৰিক খেল পথাৰত গ্রন্থ মেলাৰ অস্থায়ী কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলযোগে এই কথা সদৰী কৰে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ সভাপতি অজিত কুমাৰ বৰ্মনে। তেওঁ লগতে কয় ” ৯ নৱেম্বৰত বিয়লি ৩ বজাত ২০ সংখ্যক উত্তৰ পূব গ্ৰন্থমেলাখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক য়েছে দৰজে থংচি য়ে। আনহাতে উদ্ধোধনী অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। উল্লেখ এইবাৰৰ গ্ৰন্থমেলাত দেশৰ কেইবাখনো প্ৰকাশন প্ৰতিষ্ঠানে কৰিব তাৰ ভিতৰত দিল্লী,গুৱাহাটী, পাঞ্জাৱ কলিকতা, মুম্বাই আদিকে ধৰি অসমৰ আন ঠাইৰ মুঠ ২৭৮ খন বিপনী লৈ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব। ১০ নৱেম্বৰৰ ১১ বজাত অনুষ্ঠিত কৰা হব শুচিব্ৰতা ৰায়চৌধুৰী সোঁৱৰণী মহিলা অনুষ্ঠান “বৰণীয়া”। আনহাতে ১৩ নৱেম্বৰৰ বিয়লি ৪ বজাত খনিন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী মঞ্চত অসমৰ ১২ গৰাকী বয়োজ্যেষ্ঠ প্ৰকাশক আৰু বিক্রেতাক সম্বৰ্ধনা জনোৱা হব। ১৪ নৱেম্বৰত মহিলা সকলৰ বাবে এক বিশেষ অনুষ্ঠান আয়োজন কৰা হব ৰণী গোঁহাইৰ নেতৃত্বত। আনহাতে ১৫ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত “Inking on Language Publishing and the Prospect Of Translation: Assamese Language to English Language and Scholarly Assamese Writers শীৰ্ষক আলোচনাত পেংগুইন ৰেণ্ডম হাউচ লিমিটেডৰ সম্পাদনা কাৰ্যবাহি বৈশালী মাথুৰে লেখক সাহিত্যিকৰ সৈতে ভাগ লব। ১৭ নৱেম্বৰত গ্ৰন্থমেলা প্ৰাঙ্গনত ড0 প্ৰফুল্ল কটকী সোঁৱৰণী বয়োজ্যেষ্ঠ এক অনুষ্ঠান অনুষ্ঠিত হব আৰু ১৮ নবেম্বৰত অচিন মামাইদেউ সোঁৱৰণি শিশু সকলৰ বাবে চিত্ৰাংকন কবিতা,সাধুকুৱা প্ৰতিযোগিতা অনুষ্ঠিত হব। আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত উত্তৰ পূব গ্ৰন্থ মেলাৰ ব্ৰেণ্ড এম্বাচাদৰ জুবিন গাৰ্গে সংগীত পৰিবেশন কৰিব। ২০ নৱেম্বৰত উত্তৰ পূৱ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত ভাগ লব বিশিষ্ট সাংবাদিক নৃত্য বৰা,শিক্ষা মন্ত্ৰী সিদ্ধাথ ভট্টাচাৰ্য, আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে সংগীত পৰিবেশন কৰিব। সংবামেলত উপস্থিত থাকে উত্তৰ পূব গ্ৰন্থমেলাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *