Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / আজি মণিৰাম দেৱানৰ ১৬২ বছৰীয়া মৃত্যু দিৱসঃ

আজি মণিৰাম দেৱানৰ ১৬২ বছৰীয়া মৃত্যু দিৱসঃ

আজি মণিৰাম দেৱানৰ ১৬২ বছৰীয়া মৃত্যু দিৱসঃ অসমৰ প্ৰথম গৰাকী পঞ্জীকৃত ব্যৱসায়ীৰ প্ৰতি চেম্বাৰছ অৱ কমাৰ্ছৰ সন্মান : আয়োজন কৰিছে ‘উদ্যমিতা দিৱস’ঃ এতিয়াও স্বীকৃতি লাভ কৰা নাই শ্বহীদ গৰাকীয়ে*

শিৱসাগৰ , ২৬ ফেব্ৰুৱাৰী : মণিৰাম দেৱান।স্বাধীনতা আন্দোলনৰ অসমৰ অন্যতম প্ৰথম শ্বহীদ।বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমৰ পৰা ওফৰাই পেলোৱাৰ চেষ্টা কৰাৰ অপৰাধত এইগৰাকী সিংহ পুৰুষক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচী কাঠত ওলমাইছিল বগা বঙালে।

আজিৰ দিনটো অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ দিন।কিয়নো আজিৰ দিনটোত অসম সন্তান, অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশৰ অন্য এক সিংহ পুৰুষ মণিৰাম বৰভাণ্ডাৰ বৰুৱা,মণিৰাম দত্ত বৰুৱা ওৰফে মণিৰাম দেৱানক বৃটিছ কোম্পানী শাসনে কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত ফাঁচী কাঠত ওলমাইছিল।বৃটিছ কোম্পানীৰ চিৰস্তাদাৰ, বেলিমাৰ যোৱা আহোম শাসনৰ বৰভাণ্ডাৰ, আছাম টি কোম্পানীৰ দেৱান আদি বহু গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা মণিৰাম দেৱান কেৱল অসমৰ ৰাজনৈতিক অৱস্থাৰ এজন পুৰুধা ব্যক্তি নাছিল।মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া পঞ্জীকৃত ব্যৱসায়ী।দেৱান প্ৰথম অসমীয়া চাহ খেতিয়ক।অসমত চাহ শিল্পৰ জনক আখ্যা দিয়া ব্ৰুছ ভাতৃদ্বয়ক চিংফৌ গামে চাহ পানীয় গ্ৰহণ কৰাৰ প্ৰাথমিক খৱৰ দিছিল মণিৰামে।মণিৰাম দেৱানে নিজ প্ৰচেষ্টাত বৰ্তমানৰ যোৰহাট জিলাৰ চীনামৰা আৰু চৰাইদেউ জিলাৰ চিংলৌত দুখন চাহ বাগান স্থাপন কৰিছিল।চিংলৌ বাগানৰ একাংশ মাটি বৰ্তমান চৰকাৰী বনাঞ্চলৰ ভিতৰত আৰু ইয়াত এতিয়াও মণিৰাম দেৱানে ৰুই যোৱা বৃহৎ চাহগছ বৰ্তমান।চাহ ব্যৱসায়ী ৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ ওপৰিও মণিৰাম দেৱানে অসমৰ বনৰীয়া হাতী ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ চালান দিছিল।ইয়াৰ সামান্তৰাল ভাৱে তেওঁ লো,সোণ,লোণ আদি বিভিন্ন সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল।অসমৰ মাটিত পোৱা লো নিষ্কাষণ কৰি লোহা ধাতুৰ এক বিজ্ঞানভিত্তিক ব্যৱসায় আৰম্ভ কৰিছিল মণিৰাম দেৱানে।
এনে ব্যৱসায়িক চিন্তাৰ ওপৰিও মণিৰাম দেৱান আছিল তেতিয়াৰ অসমৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপটক লৈ সচেতন।বৃটিছ কোম্পানী শাসনৰ ফলত পৰম্পৰাগত অসমৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক,শ্ৰেণী বিভাজন আদিত পৰা কু-প্ৰভাৱ আৰু এই সমূহৰ নিৰাময়ৰ বাবে কলিকতা আদালতৰ মোফাট মিলছলৈ দাবীপত্ৰ প্ৰেৰণ কৰিছিল।এনে দাবী সমূহৰ বাবে কোম্পানী শাসনৰ বাবে দেৱান হৈ পৰিছিল চকুৰ কূটা,দাঁতৰ হুল।যাৰ বাবে পৰৱৰ্তী সময়ত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায়িক দিশত মণিৰাম দেৱানে লাভ কৰি থকা বিভিন্ন সুবিধা কৰ্তন কৰে।এনে সময়তে মীৰাটৰ ভাৰতীয় বৃটিছ সৈন্যৰ মাজত আৰম্ভ হ’ল চিপাহী বিদ্ৰোহ।বৃটিছ কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় মূলৰ চিপাহীয়ে আৰম্ভ কৰিলে সহস্ত্ৰ বিদ্ৰোহ।এই বিদ্ৰোহৰ জুই সমগ্ৰ ভাৰতত বিয়পি পৰিল।বৃটিছ কোম্পানীৰ শাসন এটা এটাকৈ খহি পৰিল।এনে সময়ত অসমত মণিৰাম দেৱানে অসমৰ পৰা কোম্পানী শাসন ওফৰাবলৈ বিদ্ৰোহী শিৱিৰৰ সৈতে যোগাযোগ কৰিলে।কিন্তু দুৰ্ভাগ্য বশতঃ এনে যোগাযোগ কোম্পানীৰ শাসনৰ আগত ধৰা পৰিল।অৱশেষত নামমাত্ৰ বিচাৰৰ ভাওনা পাতি কোম্পানী শাসন ওফৰোৱাৰ ষড়যন্ত্ৰৰ অভিযোগত মণিৰাম দেৱানৰ ফাঁচীৰ আদেশ হল।২৬ ফেব্ৰুৱাৰী ১৮৫৮ চনত যোৰহাট কাৰাগাৰত মণিৰাম দেৱানক ফাঁচী দিয়া হল।
অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি দিশৰ এজন ব্যক্তি দেশৰ বাবে শ্বহীদ হল।’বুৰঞ্জী বিবেক ৰত্ন’ নামৰ পুথি ৰচয়িতা, কলিকতাৰ সমাচাৰ দৰ্পণত অসমৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে প্ৰকাশ কৰা এইজন মণিৰাম দেৱানৰ আজি মৃত্যু দিৱস।কিন্তু এইজন দেৱানে আজিৰ দিনত স্বীকৃতি পালে নে!!শ্বহীদ মণিৰাম দেৱানৰ কৰ্মৰাজি,ত্যাগৰ মল্যায়ণ হল নে?গুৱাহাটীৰ বাণিজ্য কেন্দ্ৰ অথবা এটা ছাত্ৰাৱাসৰ নাম মণিৰাম দেৱানৰ নামত নামাকৰণেই জানো তেওঁৰ প্ৰতি সৰ্বোচ্চ সন্মান?চেম্বাৰছ অৱ কমাৰ্ছে তেওঁৰ স্মৃতিত গ্ৰহণ কৰা উদ্যমিতা দিৱসৰ পদক্ষেপ আদৰণীয়।কিন্তু এতিয়াও মণিৰাম দেৱান পাব লগা সন্মানৰ পৰা বঞ্চিত।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *