Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / আজি ৰাজ্যজুৰি মুক্তি লাভ কৰিব “ছাছপেণ্ডেত ইন্সপেক্টৰ বড়ো’

আজি ৰাজ্যজুৰি মুক্তি লাভ কৰিব “ছাছপেণ্ডেত ইন্সপেক্টৰ বড়ো’

 

ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, জনপ্ৰিয় অসমীয়া ছুপাৰহিট চলচিত্ৰ লোকেল কুংফু ১ আৰু ২ ৰ সফলতাৰ পিছত এইবাৰ লোকেল কুংফু ২ৰ দল সাজু হৈছে তেওঁলোকৰ তৃতীয় প্ৰয়োজনা “ছাছপেণ্ডেত ইন্সপেক্টৰ বড়ো’ লৈ। অসমত ৭ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া ছিৰীয়াছ একচন থ্ৰীলাৰ এই চলচিত্ৰ খনত থাকিব লোকেল কুংফু ২ৰ কেইবাজনো অভিনেতা। এই সন্দৰ্ভত চলচ্চিত্ৰ খনৰ পৰিচালক কেনি বসুমতাৰীয়ে কয় “এইবাৰ আমি আমাৰ প্ৰযোজনৰ মান উন্নত কৰিছোঁ আৰু এক্সনবোৰ উন্নত কৰাৰ বাবে চেষ্টা কৰিছোঁ আৰু লগতে আমি ব্যৱহাৰ কৰিছোঁ ছনি এফ এছ ৭০০ কেমেৰা চুপাৰ শ্ল মচন শ্বট লাভৰ বাবে। “ছাছপেণ্ডেড ইন্সপেক্টৰ বড়োৰ বাবে ৰচনা কৰা হৈছে ভিন্নসুৰী সংগীত আৰু বৰ্তমান দুটি গীত দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। পাৰ্শ্ব সংগীত আৰু ছাউণ্ড ডিজাইন কৰিছে ক্ৰমে মাৰাঠী ফিল্মফেয়াৰ বঁটা প্ৰাপক উৎকেশ ধোতেকৰ আৰু ৰঞ্জন পাটনায়কে। “উল্লেখ্য ছাছপেণ্ডেড ইন্সপেক্টৰ বড়োৰ এটা হিন্দী সংস্কৃৰণো প্ৰস্তুত কৰা হৈছে এবাৰ হিন্দী আৰু এবাৰ অসমীয়াত সকলোবোৰ ডাইলগ দুবাৰকৈ দৃশ্যগ্ৰহন কৰা হৈছে।” চলচ্চিত্ৰ খনত অভিনেতা উৎকল হাজোৱাৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰ খনৰ প্ৰযোজনা প্ৰিয়মা গোস্বামী। চলচ্চিত্ৰ খনৰ এটি বিশেষ প্ৰদৰ্শনী বৃহস্পতি বাৰে বেলতলাৰ কৰ্নিভেল ছবিগৃহত অনুষ্ঠিত হয়। ৭ ডিচেম্বৰত ৰাজ্যজুৰি মুক্তি লাভ কৰিব লগীয়া চলচিত্ৰ খনক লৈ প্ৰযোজক পৰিচালক আশা বাদী। আনহাতে ১৪ ডিচেম্বৰত ৰাজ্যৰ বাহিৰৰ আন ঠাইত মুকলি হ’ব।

About Staff Reporter

চাব পাৰে

অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি

ষ্টাফৰিপোৰ্টাৰ: অস্কাৰমুখী ভিলেজ ৰকষ্টাৰ্ছলৈ দৰ্শকৰ বিপুল সঁহাৰি। ৰাজ্যৰ ৩৯টা ছবিগৃহত সগৌৰৱে চলিছে ছবিখন। মহানগৰীৰ কেইবাটাও …

Leave a Reply

Your email address will not be published. Required fields are marked *