Monday , August 26 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰশিক্ষণ লব কুইষ্ট অভিনৱ মহন্ত।

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰশিক্ষণ লব কুইষ্ট অভিনৱ মহন্ত।

 

ষ্টাফ ৰিপোৰ্টাৰ,,,, ৭ আগষ্ট অসমৰ স্নুকাৰ খেলৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় স্নুকাৰ দলত স্থান লাভ কৰিছে গুৱাহাটী নিবাসী অভিনৱ মহন্তই। অহা মাহত ৰাছীয়াত অনুষ্ঠিত হব লগীয়া ১৬ বছৰ অনুৰ্ধৰ বিশ্ব স্নুকাৰ চেম্পিয়ন শ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব অভিনভ মহন্তই। সেয়ে খেলুৱৈ গৰাকীয়ে দিল্লীত প্ৰশিক্ষণ লবৰ বাবে পৰিকল্পনা কৰিছে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত খেলুৱৈ গৰাকীক সম্বৰ্ধনা আৰু অভিনন্দন জনাবৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তি, তথা সংগঠনে খেলুৱৈ গৰাকীক গামোচা, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে, ১৫ বছৰীয়া অভিনভ মহন্ত গুৱাহাটী নিবাসী ড০ অস্বিন মহন্ত আৰু ববিতা মহন্তৰ একমাত্ৰ সন্তান আৰু হিন্দুস্থান কেন্দ্ৰীয় বিদ্যালয়( ভঙাগড়ৰ) ছাত্ৰ। আজিৰ অনুষ্ঠানত নিলয়ৰ উপসভাপতি ড০ ৰাজেন্দ্ৰ খাউণ্ড, ক্ৰীড়াবিড তৈবুৰ নেচা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অভিনভ মহন্তৰ পিতৃ উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

৩০ জুনৰ পৰা ৰঙিয়াত “এ” ডিভিজন ফুটবল লীগ

  উত্তৰ কামৰূপ , ২৪ জুন : ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ২০১৯ বৰ্ষৰ ৰঙিয়া …

Leave a Reply

Your email address will not be published. Required fields are marked *