Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / আন্তঃৰাষ্ট্ৰীয় কুংফুত সোণৰ পদকেৰে উজ্বলিছে বোৰ্কাৰ দেৱৰ্ষি বিদ্যাপীঠৰ পাৰহেজ হাচান

আন্তঃৰাষ্ট্ৰীয় কুংফুত সোণৰ পদকেৰে উজ্বলিছে বোৰ্কাৰ দেৱৰ্ষি বিদ্যাপীঠৰ পাৰহেজ হাচান

*আন্তঃৰাষ্ট্ৰীয় কুংফুত সোণৰ পদকেৰে উজ্বলিছে বোৰ্কাৰ দেৱৰ্ষি বিদ্যাপীঠৰ পাৰহেজ হাচান*

প্ৰতিবেদক, ৰঙিয়া, ১৫ ছেপ্টেম্বৰ :

কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰেগাঁ‌ওৰ ১৪ বছৰীয়া ছাত্ৰ প্ৰিঞ্চ পাৰহেজ হাচানে নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কুংফু খেলত লাভ কৰিছে সোণৰপদক এই খেলত শ্ৰীলংকা ,বাংলাদেশকে ধৰি মুঠ পাঁ‌চখন দেশৰ প্ৰায় ২০০ গৰাকী প্ৰতিযোগীৰ ভিতৰত ৪৩ কেজিৰ চান্দা বক্সিংত পাৰহেজে লাভ কৰিছে এই সফলতা।বোৰ্কাস্থিত দেৱৰ্ষি বিদ্যাপীঠৰ নৱম শ্ৰেণীত অধ্যয়নৰত  আনাতুল্লা আলী আৰু ৰিয়াজমা বেগমৰ একমাত্ৰ পুত্ৰ পাৰহেজ হাচানে অহা বৰ্ষত থাইলেণ্ডত হ’বলগীয়া বিশ্বকাপলৈ যোৱাৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।প্ৰশিক্ষক ভৱেন নাথৰ দ্বাৰা কুংফুৰ শিক্ষা গ্ৰহণ কৰি থকা পাৰহেজৰ ওপৰিও উক্ত প্ৰতিযোগীতাত বোৰ্কাৰ শংকৰদেৱ শিশু নিকেতনত অধ্যয়নৰত বড়গাওঁ‌ৰ মিত্ৰজ্যোতি ডেকাইও লাভ কৰিছে সোণৰ পদক।উল্লেখ্য যে জিলা পৰ্যায়,ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো পাৰহেজে কেবাটাও বঁ‌টাৰ লগতে লাভ কৰিছে ব্লেকব্লেট।

প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *