Monday , March 30 2020
শেহতীয়া খবৰ
Home / Health & Fitness / আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

গুৱাহাটীৰ প্ৰতিবেকক, 21 জুন।।আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। শাৰীৰিক–মানসিক উৎকৰ্ষ সাধনৰ বাবে চতুৰ্থবাৰৰ বাবে পালন কৰা হৈছে বিশ্ব যোগ দিৱস। ডেৰাদুনৰ FRI খেলপথাৰত যোগাসন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে। মোদীৰ নেতৃত্বত ৫০ হাজাৰ লোকে অংশগ্ৰহণ কৰে যোগ দিৱসৰ কাৰ্যসূচীত। আনহাতে ৰাজস্থানত যোগগুৰু বাবা ৰামদেৱৰ বিশেষ কাৰ্যসূচীত সু–স্বাস্থ্যৱান হৈ থকাৰ কলা–কৌশল প্ৰদৰ্শন কৰে যোগগুৰু ৰামদেবে। ভাৰতৰ লগতে অষ্ট্ৰেলিয়া, ব্ৰিটেইন, কানাডা, আমেৰিকাতো যোগ দিৱস পালন।সমগ্ৰ দেশৰ লগতে অসমতো আজিযোগ দিৱস পালন কৰা হয়। নগাঁৱত যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই, বিধায়িকা আঙুৰলতা ডেকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। কোকৰাঝাৰৰ কে ডি এছ এ ইনড’ৰ ষ্টেডিয়ামতো যোগ দিৱসৰ কাৰ্যসূচী। যোগ দিৱস উপলক্ষে উলিওৱা হ’ল বিশাল সমদল। মহানগৰীৰ বৃন্দাবন গাৰ্ডেনৰ লগতে বিভিন্ন স্থানত যোগ দিৱস পালন। লগতে ৰাজ্যৰ আন আন প্ৰান্ততো আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ। সুস্বাস্থ্যৰ বাবে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে যোগ দিৱসৰ কাৰ্যসূচীত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নগাঁৱত আয়োজিত ৪ৰ্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে।
সুস্থ-সবল আৰু শৃংখলাৱদ্ধ জীৱন-যাপনৰ বাবে নিয়মীয়াকৈ যোগাভ্যাস কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়।
এখন শান্তিপূৰ্ণ অসম গঢ় দিয়াৰ স্বাৰ্থত যোগৰ প্ৰসাৰৰ ওপৰত তেখেতে বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ লগতে সমাজৰপৰা অন্ধবিশ্বাস, কুসংস্কাৰ এইবোৰক গুৰিতে নিৰ্মূল কৰিবলৈ যোগক এক শক্তিশালী মাধ্যম হিচাবে লোৱাৰো পোষকতা কৰে। ইফলে গুৱাহাটীৰ সোনাৰাম খেলপথাৰতো কামৰূপ মহানগৰ জিলা প্ৰকাশন আৰু কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বলৰ উদ্যোগত ভাৰতীয় যোগ সংকৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, পতঞ্জলি যোগ পিঠ, আৰ্ট অফ লিভিং আৰু ভাৰতীয় প্ৰাকৃতিক চিকিৎসা আৰু যোগ সন্থাৰ সহযোগত চতুৰ্থ যোগ দিৱস পালন কৰা হয়।

About Staff Reporter

চাব পাৰে

অসমৰ বাহিৰত আৱদ্ধ লোকসকলৰ বাবে চৰকাৰৰ হেল্পলাইন নং

অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকক সহায়ৰ হাত মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ । দেশৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *