Monday , November 18 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / আমাজন ডট ইনে অসমত বৃদ্ধি কৰিব ডেলিভাৰী নেটৱৰ্ক

আমাজন ডট ইনে অসমত বৃদ্ধি কৰিব ডেলিভাৰী নেটৱৰ্ক

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ ছেপ্টেম্বৰ।।। আমাজন ডট ইনে অসমত ইয়াৰ ডেলিভাৰী নেটৱৰ্ক প্ৰসাৰৰ বিষয়ে ঘোষণা কৰিলে। বৰ্তমানৰ এই প্ৰসাৰৰ ঘোষণাৰ লগে লগে আমাজনৰ ডেলিভাৰী ষ্টেচন আৰু ছাৰ্ভিচ পাৰ্টনাৰ নডৰ সংখ্যা ৩০ টালৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে সদৰী কৰে আমাজন ইণ্ডিয়াৰ লাষ্ট মাইল অপাৰেচননছৰ সঞ্চালক প্ৰকাশ ৰচলানীয়ে,”-আমি বিশ্বাস কৰো যে আমাৰ গ্ৰাহক সকলক য’তেই নাথাকক কিয়, তেওঁলোকে বিশ্বাসযোগ্য আৰু দ্ৰুত ডেলিভাৰীত গুৰুত্ব দিয়ে। ই-কমার্চক দৈনন্দিন জীৱনৰ এটা অংশত পৰিণত কৰাৰ আমাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি আমি অসমত আমাৰ ডেলিভাৰী নেটৱৰ্ক প্ৰসাৰিত কৰিছোঁ। যিয়ে আমাক আগন্তক পূজাৰ বতৰত গ্ৰাহকসকলক আৰু অধিক উন্নত সেৱা আগবঢ়াবলৈ সহায় কৰিব। তেওঁ লগতে কয়”আমাৰ ডেলিভাৰী নেটৱৰ্কৰ এই বৃদ্ধিয়ে স্থানীয় উদ্যমী সকলৰ বাবেও কিছু সম্ভাৱনা কঢ়িয়াই আনিব। তেঁওলোকে ছাৰ্ভিচ পাৰ্টনাৰ আৰু “আই স্পেচ” আঁচনি লাভ কৰিব পাৰিব। এই “আই হেভ স্পেচ আঁচনিৰ অধীনত ইতিমধ্যে আমাজনে ১৩০ খন খুচুৰা দোকানৰ সৈতে অংশীদাৰীত্ব কৰিছে। ডেলিভাৰী নেটৱৰ্কৰ বৃদ্ধিৰ ফলত আমাজনে অসমৰ সৰু সৰু চহৰ সমূহত অধিক সেৱা প্ৰদান কৰিব পাৰিব। অভয়াপুৰী, লেখাপানী হাইলাকান্দি আদি বিভিন্ন অঞ্চললৈ ইয়াৰ সেৱাৰ সম্প্ৰসাৰণ ঘটিব। তাৰোপৰি ভৱিষ্যতে ই আমাক ৰঙাপাৰা, আহুচাউল গাঁও, কাচাৰৰ সোণবাৰী ঘাট আদিৰ দৰে অঞ্চললৈকে আমাৰ সেৱা বৃদ্ধি কৰাৰ সহায় কৰিব”।উল্লেখযোগ্য যে, আমাজনৰ ছাৰ্ভিচ পাৰ্টনাৰ আঁচনিৰ জৰিয়তে প্ৰতিস্থানটোৱে ভাৰতৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ চহৰসমূহতো সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।

About Staff Reporter

চাব পাৰে

ক্ৰিছেল ফাউণ্ডেচনলৈ ৰাষ্ট্ৰীয় চি এছ আৰ বঁটা

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,৩১ অক্টোবৰ।।।ক্ৰিছেল ফাউণ্ডেচনক ইয়াৰ প্ৰমুখ প্ৰকল্প মেইন প্ৰগতি অসমৰ বাবে প্ৰত্যাহ্বান জনক পৰিস্থিতিত …

Leave a Reply

Your email address will not be published. Required fields are marked *