Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

নেছুসহ সহযোগী সংগঠনৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত কামৰূপৰ আমিনগাঁৱ, চাংসাৰি, উত্তৰ গুৱাহাটী, বোৰ্কা আদিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, স্তব্ধ জনজীৱন।

পঙ্কজ নাথ, চাংসাৰি, ১০ ডিচেম্বৰ :

জাতিধ্বংসী বিল কেবৰ বিৰোধীতাৰে জনোৱা নেছুৰ বন্ধত উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ অসমতে আজি জনজীৱন স্তব্ধ হৈ পৰিছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাগি উঠিছে প্ৰতিজন অসমীয়া ও উত্তৰ পূৰ্বাঞ্চলৰ লোক। কেবক লৈ বিজেপি চৰকাৰৰ আকোৰগোজ স্হিতিৰ বাবে এতিয়া সমগ্ৰ ৰাজ্য জ্বলি উঠিছে। কালি লোকসভাত জাতিধ্বংসী বিল কেব গৃহীত হোৱাৰ পিছতেই আজি ৰাজ্যৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ পৰিছে। আজি উত্তৰ পূৱ ছাত্ৰ সন্থাৰ (নেছুৰ) উদ্যোগত আছুসহ কেইবাটাও সংগঠনৰ সমৰ্থনত আহ্বান দিয়া ১১ ঘণ্টীয়া উত্তৰ পূৰ্বাঞ্চল বন্ধৰ সময়ত অসম সৰ্বাত্মকৰূপে বন্ধ হৈ পৰিল । এই বন্ধ স্বতঃস্ফুত ভাৱে পালন কৰে অসমৰ জনতাই । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে কামৰূপ জিলা সদৰ আমিনগাঁও, বৃহত্তৰ চাংসাৰি, চাৰিআলি, উত্তৰ গুৱাহাটী, বোৰ্কা আদি বিভিন্ন অঞ্চলত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে জাতীয় সংগঠন সমূহে দিয়া বন্ধক এইখিনি অঞ্চলৰ জনসাধাৰণে সৰ্বাত্মকৰূপে মান্যতা দি সৰ্বস্তৰৰ জনতাই স্বতঃস্ফুত ভাবে ওলাই আহি এই বন্ধ পালন কৰা পৰিলক্ষিত হয়। আজিৰ দিনটোত উপৰোক্ত অঞ্চল সমূহৰ চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, বজাৰ, দোকান পোহাৰ সম্পূৰ্ণ বন্ধ থকা পৰিলক্ষিত হৈছে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো একাংশ ব্যক্তিগত সৰু বাহনৰ বাদে অন্য যান বাহনৰ চলাচল প্ৰায় বন্ধ হৈ থাকে। চাংসাৰিৰ শৰাইঘাট কলেজৰ ছাত্ৰ সভাকে আদি কৰি এইখিনি অঞ্চলৰ ছাত্ৰ সমাজ ওলাই আহি চাংসাৰি, বোৰ্কা, চাৰিআলি আদি অঞ্চলত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি কেব আমি নামানো, হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। তাৰোপৰি আজি অসমীয়া জাতিৰ স্বাৰ্থত উপৰোক্ত অঞ্চল সমূহৰ জনতায়ো স্বতঃস্ফুত ভাৱে এই বন্ধ পালন কৰে। আনহাতে বাইহাটা চাৰিআলি, বোৰ্কা আদি একাংশ অঞ্চলত বন্ধ সমৰ্থকে উগ্ৰতাৰে এই জাতি ধংসী বিলৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছিল আৰু ঠায়ে ঠায়ে প্ৰতিবাদকাৰীৰ প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়েও কিছু কঠোৰ ভুমিকা গ্ৰহণ কৰিছিল।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *