Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / আমিন গাৱঁত ট্ৰাকত অনা ইভি এমৰে ই ভি এম টেম্পাৰিঙৰ অভিযোগ কংগ্ৰেছৰ

আমিন গাৱঁত ট্ৰাকত অনা ইভি এমৰে ই ভি এম টেম্পাৰিঙৰ অভিযোগ কংগ্ৰেছৰ

আমিন গাৱঁত ট্ৰাকত অনা ইভি এমৰে ই ভি এম টেম্পাৰিঙৰ অভিযোগ কংগ্ৰেছৰ। ব্যক্তিগত গোডানত ই ভি এম মজুতকলৈ বিজেপিৰ বিৰুদ্ধে টেম্পাৰিঙৰ অভিযোগ।

পঙ্কজ নাথ , চাংসাৰি, ২৯ এপ্ৰিল :

কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁওস্থিত কামৰূপ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় চৌহদত থকা ষ্টং ৰুমত কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ষ্টং ৰুমত তিনিখন বলেৰ’ পিকআপ ভান আৰু তিনিখন তিৰপাল মেৰিওৱা ট্ৰাকত ই ভি এম মেচিন অনাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। এই পৰিস্থিতিৰ পিছতে ই ভি এম আনি সলনি কৰাৰ অভিযোগ উৎথাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ ইয়ং বিগ্ৰেড সেৱা দলৰ সম্পাদক জিটু আহমেদ আৰু সদস্য মুফটাৰ আলিৰ ভাষ্য অনুসৰি আমিন গাওঁ ষ্ট্ৰংৰুমত পহৰাৰ দায়িত্ব থকা দুই কংগ্ৰেছ কৰ্মীয়ে নিশা ৯,৩০ বজাত বাহিৰত হঠাৎ তিনিখন বলেৰ’ পিকআপ ভান উপস্থিতি লক্ষ্য কৰে। ইয়াৰ কিছু সময় পিছতেই তিৰপাল মেৰিয়াই অনা তিনিখন ট্ৰাকো উপস্থিত হয় সেই স্থানত । বাহন সমুহৰ পৰা ই ভি এম মেচিন নমাবলৈ লওতেই কংগ্ৰেছ কৰ্মীয়ে বাধা প্ৰদান কৰোতে প্ৰিয়ঙ্কা বণিয়া নামৰ এগৰাকী দণ্ডাধীশে এই ই ভি এম সমূহ অব্যবহৃত আৰু এই সমূহ মজুত কৰা হ’ব বুলি কয়। ইফালে এই ঘটনাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্বাচনী আয়োগক বিজেপিয়ে ই ভি এম টেম্পাৰিঙৰ অভিযোগ দাখিল কৰে । অভিযোগ অনুসৰি কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ হিম্মৎ সিং কাৰ গোডামত ই ভি এমৰ খালি মেচিন বে আইনী ভাবে মজুত ৰখাৰ ব্যৱস্থা কৰে বিজেপিয়ে । ইফালে গণতন্ত্ৰ হত্যা কৰি কামৰূপ প্ৰশাসনক ব্যবহাৰ কৰি বিজেপিয়ে ই ভি এম টেম্পাৰিং কৰাৰ অভিযোগ কৰে জালুকবাৰী কংগ্ৰেছীয়ে । জালুকবাৰী সমষ্টিৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী বাপুকন আলীয়ে কয় যে কামৰুপ উপায়ুক্তই পঞ্চায়ত নিৰ্বাচনতো নিৰ্বাচনী বিধি ভঙ্গ কৰি কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীক হৰুৱাই বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিছিল । কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্য গৃহ সমষ্টিৰ শুৱালকুছিৰ বাসিন্দা হোৱাৰ পাছতো বদলি নকৰাৰ বাবে দলৰহৈ কাম কৰিবলৈ সুবিধা পাইছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ সক্ৰিয় নেতাগৰাকীয়ে । উপাযুক্ত গৰাকীৰ ভুমিকাই গণতন্ত্ৰৰ বাবে অশনি সংকট বহন কৰিছে বুলিও বাপুকন আলীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে । ইফালে ই ভি এম টেম্পাৰিঙৰ অভিযোগ অস্বীকাৰ কৰিছে কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যই।তেজপুৰৰ পৰা অব্যবহৃত ই ভি এম সমূহ আমিন গাঁৱৰ কেন্দ্ৰীয় ভৰাল গৃহত মজুত কৰাৰ হৈছে । ষ্ট্ৰং ৰুমত কোনো ই ভি এম জমা কৰা নাই বুলি উল্লেখ কৰে উপায়ুক্ত বৈশ্যই । কিছু ঠাইৰ অভাবৰ বাবে হিম্মৎসিং কাৰ গোডাউনত অব্যৱহৃত ই ভি এম সমূহ মজুত ৰখা হৈছিল আৰু ৰাজ্যৰ বাহিৰৰ ভোট গ্ৰহণ হবলগীয়া ৰাজ্যলৈ এইসমূহ প্ৰেৰণ কৰা হব বুলি ষ্পষ্ট কৰে উপায়ুক্ত গৰাকীয়ে।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *