Sunday , February 23 2020
Home / আঞ্চলিক / আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ অৱস্থান ধৰ্মঘট

 

আমৰি কাৰ্বিক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন২০১৯ বাতিল কৰা, ডিমৰিয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰাৰ দাবী

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ উদ্যোগত সোমবাৰে ৰাজৱনৰ ওচৰত অৱস্থান ধৰ্মঘট পালন কৰা হয়। আমৰি কাৰ্বিক ষষ্ঠ অনুসূচিৰ আধাৰত পাৰ্বত্য জনজাতি মৰ্যাদা প্ৰদান কৰা, নাগৰিকত্ব সংশোধনী আইন২০১৯ বাতিল কৰা, ডিমৰিয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰা আদি দাবী পুনৰণ বাবে
আমৰি কাৰ্বি ছয় জাতীয় সংগঠনে এই অৱস্থান ধৰ্মঘট পালন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে আমৰি কাৰ্বি ছয় জাতীয় সংগঠনৰ হৈ আমৰি কাৰ্বি নেচনেল কাউঞ্চিল, আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ লগতে এ কে এ এ, এ কে বি এ, এ কে এছ টি এ, এ কে আৰ এ ৰ প্ৰতিনিধিসহ বহু সংখ্যক সদস্য উপস্থিত থাকি
চৰকাৰ বিৰোধী বিভিন্ন শ্লো-গান দিয়ে। এই কাৰ্যসূচীৰ জড়িয়তে প্ৰতিবাদকাৰী সকলে কাৰ্বি আংলং জিলাৰ বাহিৰত থকা আমৰি কাৰ্বি সকলক জনজাতিৰ মৰ্য্যদা দিয়া, ন’ এছ টি ন’ ৰেষ্ট, কা আইন বাতিল কৰক, ডিমৰীয়াত তিৱা স্বায়ত্ব শাসিত নিৰ্বাচন বৰ্জন কৰক আদি শ্লো গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰমেন কাথাৰে কয় ” ভাৰত বৰ্ষ স্বাধীন হোৱাৰ পাছতো পৰাধীন ৰাষ্ট্ৰৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছে আমৰি কাৰ্বি সকলক। আমি নিজৰ প্ৰাপ্যৰ বাবে বিগত সময়চোৱাত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। গণতান্ত্ৰিক প্ৰতিবাদ ৰ মূল্য চৰকাৰে বুজি নাপায়। জনজাতি হৈও আমি মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ। যাৰ ফলস্বৰূপে ৯০ শতাংশ আমৰি কাৰ্বি অধ্যুক্ষিত অঞ্চলৰ পৰা বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা নাছিল। ১৯৭৯ চনৰ পৰাই আমি গণতান্ত্ৰিক আন্দোলন কৰি আহিছোঁ। ২০১০ আৰু ২০১৫ চনত তিৱা নিৰ্বাচন বৰ্জন কৰাত আমি সফল হৈছিলোঁ। আমাৰ মাজৰে যি দুই একে জাতিৰ দালালি কৰি তিৱা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যো-জা চলাইছে আমি তেওঁলোকক তীব্র ভাষাৰে নিন্দা কৰাৰ লগতে ধিক্কাৰ দিছোঁ। চৰকাৰে গণতান্ত্ৰিক আন্দোলনৰ মূল্য বুজি নাপালে আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ম। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ভাষা, ৰীতিনীতি, মূল্যবোধ, ঐতিহ্যক শেষ কৰাৰ বাবে যি নাগৰিকত্ব সংশোধনী আইন২০১৯ জাপি দিব বিচাৰিছে তাক আমি তীব্র ভাষাৰে গৰিহণা দিছোঁ। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিছোঁ। আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে আৰু অসমৰ ৰাইজ এই ক্ষেত্ৰত সফল হ’ব বুলি আমি আশা বাদী। অন্যথা “কা” আইনৰ বিৰোধিতাৰ বাবে আমি ছয় জাতীয় সংগঠনে জীৱন দিবলৈ সাজু আছোঁ। ” এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে এখন দাবী সমন্বিত স্মাৰক পত্ৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীলৈ প্ৰেৰণ কৰে।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *