Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট : শিৱসাগৰত গ্ৰেপ্তাৰ অ’এনজিচিৰ জুনিয়ৰ অফিচাৰ 

আলফাৰ সমৰ্থনত ফেচবুকত পোষ্ট : শিৱসাগৰত গ্ৰেপ্তাৰ অ’এনজিচিৰ জুনিয়ৰ অফিচাৰ 

 শিৱসাগৰ ২৮ জুন : ফেচবুক বৰ্তমৰ সমাজৰ ভাল আধুনিকতাৰ পৰিবেশ সৃষ্টিৰ প্ৰযুক্তি হিচাপে মানুহে ধৰিললেও ই কোনো কোনোৰ বাবে অভিসাপ স্বৰূপটো পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে | আলফাৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল অ’এনজিচিৰ এজন জুনিয়ৰ অফিচাৰ । গ্ৰেপ্তাৰ হোৱা অ’এনজিচিৰ বিষয়া গৰাকীৰ নাম হৈছে জ্ঞানদ্বীপ গগৈ । ফেচবুকত এতিয়া যাৰ যি মন যায় তাকে পোষ্ট দিবলৈ ধৰাত অপৰাধৰ পৰিণত হৈ পৰিছে | এনে অপৰাধতেই কালি নিশা শিৱসাগৰ আৰক্ষীয়ে জ্ঞানদ্বীপ গগৈ নামৰ লোকজনক  নাজিৰাৰ পৰা গ্ৰেপ্তাৰ কৰি শিৱসাগৰ সদৰ আৰক্ষী থানালৈ আনে।জ্ঞানদ্বীপ গগৈক কৰা গ্ৰেপ্তাৰৰ সন্দৰ্ভত আজি শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ২০১৮ চনৰ পৰাই জ্ঞানদ্বীপ গগৈয়ে আলফা স্বাধীনৰ হৈ বিভিন্ন ধৰণৰ সমৰ্থন সুচক পোষ্ট দি জনসাধাৰণৰ সমৰ্থন আদায় কৰাৰ চেষ্টা চলায় আহিছে বুলি উল্লেখ কৰে । তদুপৰি বিভিন্ন সময়ত মৃত্যু হোৱা আলফা স্বাধীনৰ কেদাৰ সকলৰ সন্দৰ্ভত ফেচবুকত পোষ্ট দি জ্ঞানদ্বীপ গগৈয়ে সাধাৰণ মানুহক উদ্ধুদ্ধ কৰাৰো চেষ্টা ছলাই আহিছে বুলিও আৰক্ষী অধীক্ষকে সাংবাদিকক জানিবলৈ দিয়ে। সম্প্ৰতি শিৱসাগৰ সদৰ আৰক্ষী থানত আৰক্ষীৰ বেষ্টনীৰ ভিতৰত বন্দী হৈ থকা জ্ঞানদ্বীপ গগৈৰ বিৰুদ্ধে শিৱসাগৰৰ আৰক্ষীয়ে 563/19/U/S -120(a)IPC Rw/Section 13/18 of the UA(P) আইনৰ অধীনত এক গোছৰ ৰুজু কৰি অধিক তথ্য লাভৰ হেতু  মাৰাথন জেৰা অব্যাহত ৰাখিছে | আৰক্ষী প্ৰশাসনে জেৰাৰ অন্তত হয়তু আৰু অধিক তথ্য পোৰহলৈ আহিব বুলি জানিবলৈ দিছে |

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *