Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / আৰোহণৰ উদ্যোগত ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা

আৰোহণৰ উদ্যোগত ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,৪ ফেব্ৰুৱাৰী।। (ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস) আৰোহণৰ উদ্যোগত ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৭ সংখ্যক জন্মদিন উপলক্ষে ২০,২১,২২ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ গুৱাহাটীস্থিত শ্রীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘ডO ভবেন্দ্ৰ নাথ শইকীয়া বঁটা(২০১৮) আৰু নাট সমাৰোহৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি এইবেলি ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা(২০১৮) প্ৰদান কৰা হ’ব কন্ঠশিল্পী অনিন্দিতা পালক। ২০ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত এই বঁটা প্ৰদান কৰা হব। বঁটা প্ৰদান কৰিব সাহিত্য অঁকাডেমি বঁটা বিজয়ী গল্পকাৰ তথা নাট্য সমালোচনাৰ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অপূৰ্ব শৰ্মাই। বঁটাৰ লগত থাকিব ২৫,০০০ হাজাৰ টকা, মানপত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আদি। আনহাতে ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হবলগীয়া “নাট্যসন্ধিয়া” উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিয়ে। প্ৰথমখন নাট ‘ছয় সখী এক ৰাক্ষসী” আৰোহণৰ শিশুশিল্পী সকলৰ দ্বাৰা অভিনীত হব। নাটখনৰ পৰিকল্পনা আৰু নাট্যৰূপ মলয়া গোস্বামীৰ। দ্বিতীয় খন নাট মনটো মন্টুকুমাৰ দাসৰ দ্বাৰা পৰিচালিত”দৃষ্টি” নটতীৰ্থৰ শিল্পীসকলৰ দ্বাৰা অভিনীত হব । আনহাতে ২২ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত হ’বলগা নাট্য সন্ধিয়াৰ শুভ উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই। সোমবাৰ গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে এই কথা সদৰী কৰে মুখ্য ন্যাসৰক্ষি প্ৰীতি শইকীয়াই। সাংবাদমেলত অভিনেত্ৰী মলয়া গোস্বামী, ড০ কুলেন্দু পাঠক, গোপাল জালান, ধীৰাজ গোস্বামীৰ লগতে ন্যাসৰ সদস্যসকল উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *