Thursday , December 12 2019
শেহতীয়া খবৰ
Home / চিত্ৰ / আলোকচিত্ৰ / আৰ্থিক দুৰৱস্থাক নেওচি আকাশ চোৱাৰ হেপাঁহ এধানি মনৰ ৰূপালী চুতীয়াৰ

আৰ্থিক দুৰৱস্থাক নেওচি আকাশ চোৱাৰ হেপাঁহ এধানি মনৰ ৰূপালী চুতীয়াৰ

আৰ্থিক দুৰৱস্থাক নেওচি আকাশ চোৱাৰ হেপাঁহ এধানি মনৰ ৰূপালী চুতীয়াৰ :

মীনাক্ষী ফুকন। গোলাঘাট। আৰ্থিক দৈন্যতাই হেঙাৰ সৃষ্টি কৰা এধানি মনৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন সংগীত শিল্পী ৰূপালী চুতীয়া। গোলাঘাট কমাৰবন্ধা আলি অঞ্চলৰ ৰাইডঙ্গিয়া গাঁৱৰ যোগেন চুতীয়া আৰু তৰুলতা চুতীয়াৰ কন্যা ৰূপালীৰ সমধুৰ কন্ঠ ই ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। বহুজনে চ’ছিয়েল মিডিয়াৰ যোগেদিও ৰূপালীৰ গীত পৰিবেশনৰ দৃশ্য আপল’ড কৰি বিশেষ সমাদৰ বুটলি শিল্পী গৰাকীক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰিছে। অতিকৈ সুললিত কন্ঠৰ অধিকাৰী ৰূপালীৰ কন্ঠস্বৰৰ এক যাদু থকাৰ লগতে অভিব্যক্তি প্ৰকাশে নিশ্চিত ভাৱে শিল্পী গৰাকীৰ উজ্জল ভৱিষ্যতৰ স্বাক্ষৰ বহন কৰিছে। আৰ্থিক দুৰাৱস্থাই কোঙা কৰা এটি পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰূপালীৰ কন্ঠত আছে এক সজীৱ প্ৰাকৃতিক স্বাদ। গাঁৱৰ বোকা -পানী গচকি ডাঙৰ হোৱা ৰূপালীৰ কন্ঠ ইতিমধ্যে ভাইৰেল হৈ পৰাত আনুষ্ঠানিক শিক্ষা লাভ নকৰা শিল্পী গৰাকীৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যোৰহাটৰ ষ্টুডিঅ’ “দ্যা বীম” লগতে বিশিষ্ট সংগীত পৰিচালক তথা সংগীতকাৰ ষ্টুডিঅ “অডিঅ’ৱৰ্ল্ড ” ৰ স্বত্বাধিকাৰী মানসজ্যোতি বৰা (বুবু) ই এবছৰ সংগীত শিক্ষাৰ আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গোলাঘাটৰ অধিবক্তা জয়ন্ত গোস্বামীয়ে এবছৰ সংগীত শিক্ষা লাভৰ খৰছ বহনৰ দায়িত্ব লৈছে। কছাৰীহাট হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা এই প্ৰতিভাই উচিত সন্মান লাভ কৰি অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনক এইয়াই আমাৰ কাম্য।

About Staff Reporter

চাব পাৰে

চলচ্চিত্ৰ কেৱল বিনোদনৰ বাবে নহয় ইয়াৰ অন্যান্য দিশ আছে — পবিত্ৰ মাৰ্ঘেৰিটা

  ষ্টাফৰিপৰ্টাৰ ৪ নৱেম্বৰ : তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম দিনাও কলৰসিকৰ অভূতপূৰ্ব ভিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *