Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ইংৰাজী ভাওনা প্ৰদৰ্শন কৰাত বাধা আৰোপ

ইংৰাজী ভাওনা প্ৰদৰ্শন কৰাত বাধা আৰোপ

গুৰুজনাৰ সৃষ্টিৰাজীক বিকৃত কৰাৰ অভিযোগ৷
ইংৰাজী ভাঁওনাৰ বিৰুদ্ধে সোচ্চাৰ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনা কমিটি

ফাৰ্ষ্ট নিউজ, জামুগুৰিহাট,১৭ ছেপ্টেম্বৰ:গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাক ইংৰাজী ভাষাত পৰিৱেশন কৰিলে ভাঁওনাই স্বকীয়তা হেৰুৱাৰ লগতে ভাঁওনাৰ মৌলিকতাও ধবংশ কৰে৷গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাক ইংৰাজী ভাষাত পৰিৱেশন কৰিলে ভাঁওনাই স্বকীয়তা হেৰুৱাৰ লগতে ভাঁওনাৰ মৌলিকতাও ধ্বংশ হোৱাৰ অভিযোগ তুলি বিদেশৰ লগতে দেশৰ বিভিন্ন স্থানত ইংৰাজী ভাষাত ভাঁওনা পৰিৱেশন কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনা কমিটিয়ে৷উল্লেখ্য যে জামুগুৰিহাটৰ প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিয়ে গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাক ইংৰাজী ভাষালৈ অনুবাদ কৰি দিল্লী আৰু মুম্বাইত মঞ্চস্থ কৰাৰ পিছত এইবেলি ডুৱাইত ইংৰাজী ভাষাত ভাঁওনা মঞ্চস্থ কৰিবলৈ ওলোৱাৰ সময়ত ইংৰাজী ভাঁওনাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনা কমিটিৰ লগতে ইয়াৰ লগত জড়িত ২১ টিকৈ ধৰ্মীয় আৰু জাতীয় সংগঠণ৷কালি জামুগুৰিহাটৰ বাপুজি ভৱনত বাৰেচহৰীয়া ভাঁওনা কমিটিৰ উদ্যোগত ২১ টাকৈ ধৰ্মীয় আৰু জাতীয় সংগঠণৰ প্ৰতিনিধিৰ উপস্থিতিত গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাক ইংৰাজী ভাষাত পৰিৱেশন কৰি বিকৃত ৰূপ দিবলৈ ওলোৱা ব্যৱস্থাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হোৱাৰ পিছত সভাই কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি আজি এক সংবাদমেলৰ আয়োজন কৰে৷বাৰেচহৰীয়া ভাঁওনা কমিটিৰ উদ্যোগত জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ চৌহদত অনুষ্ঠিত হোৱা সংবাদমেলত বাৰেচহৰীয়া ভাঁওনাৰ বিষয়ববীয়া সকলে শংকৰী কলা-কৃষ্টিৰ উৰ্বৰা ভূমি জামুগুৰিহাটত প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিয়ে গুৰুজনাৰ সৃষ্টিৰাজী ইংৰাজী ভাষালৈ অনুবাদ কৰি মঞ্চস্থ কৰাৰ ব্যৱস্থাই ভাঁওনাক বিকৃত আৰু বিকলাংগ কৰাৰ লগতে অসমীয়া স্বাভিমানক বিনষ্ট কৰা বুলি উল্লেখ কৰে৷সংবাদমেলত অংশগ্ৰহণ কৰি বাৰেচহৰীয়া ভাঁওনা কমিটিৰ কাৰ্য্যকৰি সভাপতি ভৱ গোস্বামীয়ে ইংৰাজী ভাষাত পৰিৱেশন হোৱা ভাঁওনাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠি কয় গুৰুজনাৰ দৰ্শনৰ মুল ভেটিয়েই হৈছে ভাঁওনা৷এই ভাঁওনা অসমীয়া মানুহৰ স্বাভিমান,এয়া অসমীয়া মানুহৰ হৃদয়ৰ এক সম্পদস্বৰূপ৷গুৰুজনাৰ সৃষ্টিৰাজী ভাঁওনাৰ গীত-মাত সমুহ নিৰ্দিষ্ট তাল মান ৰক্ষা কৰি গোৱা হয়৷কিন্তু ইয়াক ইংৰাজী ভাষাত পৰিৱেশন কৰিলে বেসুৱা হৈ পৰি এক ভাবিব নোৱাৰা বিকৃত ৰূপলৈ গতি কৰে৷যিয়ে গুৰুজনাৰ আধ্যাত্মিকতাৰ ভেটিস্বৰূপ ভাঁওনা সংস্কৃতিক বিকলাংগ কৰি পেলাই৷এটা জাতিৰ এই সংস্কৃতিক জোৰ জোলোমকৈ বিকৃত কৰাৰ অধিকাৰ কাৰো হাতত নাই বুলি উল্লেখ কৰি বাৰেচহৰীয়া ভাঁওনা কমিটিৰ কাৰ্য্যকৰি সভাপতি ভৱ গোস্বামীয়ে ভাঁওনালৈ নামি অহা সংশয়ৰ বিৰুদ্ধে বাৰেচহৰীয়া ভাঁওনা কমিটিয়ে সদায় মাত মাতি আহিব বুলি উল্লেখ কৰে৷সংবাদমেলত উপস্থিত থকা বাৰেচহৰীয়া ভাঁওনা কমিটিৰ প্ৰধান সম্পাদক জয়ন্ত বৰা,বিত্ত সম্পাদক তুৱা বৰা,বিষয়ববীয়া শৈলেন বৰকটকী,ধৰ্মেন্দ্ৰ নাথ,প্ৰদীপ হাজৰিকাৰ লগতে আন বিষয়ববীয়া সকলেও ভাঁওনা সংস্কৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত ভাঁওনাক ইংৰাজী ভাষালৈ অনুবাদ কৰি বিধবস্ত কৰিব বিচৰা যিকোনো অশুভ শক্তিৰ বিৰুদ্ধে অতি শীঘ্ৰেই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ ওচৰত লিখিত আবেদন দিয়াৰ কথাও আজি সদৰি কৰে সংবাদমেলত৷মনকৰিবলগীয়া যে জামুগুৰিহাটৰ প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিৰ গুৰিধৰোতা তথা ইংৰাজী ভাঁওনাৰ অনুবাদক আৰু পৰিচালক অৰূপ শইকীয়াক ভাঁওনা সংস্কৃতি বিকৃত তথা বিকলাংগ কৰি তুলিবলৈ চেষ্টা চলোৱা ব্যৱস্থাৰ পৰা বাৰেচহৰীয়া ভাঁওনা কমিটিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ,শ্ৰীমন্ত শংকৰদেৱ সংঘ, সদৌ জামুগুৰি ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতি,অসম উন্নতি সভাৰ জামুগুৰি আঞ্চলিক সমিতি,আখৰা,সুন্দৰম সাংস্কৃতিক গোষ্ঠী,শংকৰ মাধৱ কলা পৰিষদ,জামুগুৰি ক্ৰীড়া সন্থা,বাপুজি ভৱন নাট্য সমাজ,সঞ্জীৱনী নাট্য সমাজ,অসম সেনা জামুগুৰি আঞ্চলিক,সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিককে ধৰি ২১টাকৈ ধৰ্মীয় আৰু জাতীয় সংগঠণে আতৰি থাকিবলৈ সকিয়াই দিয়ে৷
জোন বৰা,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *