Thursday , April 9 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ইউ এছ টি এমে মুকলি কৰিলে গ্ৰীণ এনাৰ্জী বাহন

ইউ এছ টি এমে মুকলি কৰিলে গ্ৰীণ এনাৰ্জী বাহন

 

ষ্টাফৰিপোৰ্টাৰ , ২৬ ফেব্ৰুৱাৰী : ন মাইলস্থিত ইউ এছ টি এমে সেউজ চৌহদ কাৰ্যকৰী কৰণৰ অংশ স্বৰূপে বুধবাৰে মুকলি কৰিলে গ্ৰীণ এনাৰ্জী বাহন। এই গ্ৰীণ এনাৰ্জী বাহন দুখনৰ বুধবাৰে ফ্লেগ অফ কৰে “আমাৰ অসম”ৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুয়ে। এই অনুষ্ঠানত ইউ এছ টি এমৰ আচাৰ্য মহববুল হক, উপাচাৰ্য ড০ মৃদুল হাজৰিকা, প্ৰতি উপাচাৰ্য অধ্যাপক সুহেইল ছবিৰ, ইউ এছ টি এমৰ প্ৰধান উপদেষ্টা ড০ পি কে গোস্বামী, উপদেষ্টা ড০ আৰ কে শৰ্মা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত ইউ এছ টি এমৰ আচাৰ্য মহববুল হকে কয় ” পৰিবেশৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। এই বাহন দুখন ইউ এছ টি এমৰ চৌহদত থকা কৰ্মচাৰী, বিষয়ববীয়া আৰু শিক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হৈছে। তদুপৰি বিশেষ ভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ বাহন আকৌ মুকলি কৰা হ’ব । পৰিবেশৰ পৰিৱৰ্তন, গোলকীয় উষ্ণতা প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ চৌহদ পৰিবেশ অনুকূল কৰি ৰখাৰ প্ৰতি অধিক গুৰুত্ব দি আহিছোঁ।”

About Staff Reporter

চাব পাৰে

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ৰীতা দাস হজৰিকাই দুখীয়াৰ মাজত বিলালে সামগ্ৰী

  ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত …

Leave a Reply

Your email address will not be published. Required fields are marked *