Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই–মুমিনুল আৱাল

ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই–মুমিনুল আৱাল

ষ্টাফৰিপৰ্টাৰ, ২৮ জুলাই: ইছলাম ধৰ্মত ‘জয় শ্ৰী ৰাম’ কোৱাত বাধা নাই বুলি মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ। আৱালৰ মন্তব্য— মুছলমান লোকে ‘জয় শ্ৰী ৰাম’ ক’ব পাৰে। ৰামচন্দ্ৰ ৰজা আছিল। যাৰবাবে ৰামৰাজ্যৰ কথা কোৱা হয়। ৰাম যুগস্ৰষ্টা মহান ব্যক্তি। তেওঁৰ জয় কোৱাত বাধা থাকিব নোৱাৰে। ইচলামধৰ্মী লোকে হনুমান¸ যিশু খ্ৰীষ্ট¸ শংকৰগুৰুৰ নামতো জয়ধ্বনি দিব পাৰে। কিয়নো তেওঁলোক মহাপুৰুষ আৰু যুগস্ৰষ্টা। মহাপুৰুষৰ জয় কোৱাটো ধৰ্মীয় অপৰাধ হ’ব নোৱাৰে। ধৰ্মীয় উত্তেজনা সৃষ্টিৰে একাংশই ৰাইজৰ কাম কৰি থকা চৰকাৰখনক শ’লঠেকত পেলাবলৈ আৰু অসমত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ উদ্দেশ্যে ’জয় শ্ৰী ৰাম’ ধ্বনিত সাম্প্ৰদায়িক ৰহণ সানিব বিচৰা বুলি মুমিনুল আৱালে অভিযোগ কৰে। আৱালে এনে স্থিতিক সমালোচনা কৰা দল তথা বাহিৰৰ লোকসকলক প্ৰথমে বিজেপি সম্পৰ্কে জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়। ২০২১ চনত দিছপুৰত পুনৰ বিজেপিৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব বুলিও মন্তব্য কৰে।

About Staff Reporter

চাব পাৰে

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *